বি টি আৰত জনমৰমত অভিভূত মুখ্যমন্ত্ৰী, একাধিক জনসভাত স্মৃতিমধুৰ সময়
বোধোলেণ্ড টেৰিট’ৰিয়েল ৰিজিয়নৰ (BTR) সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি যোৱা কেইদিন ধৰি বি টি আৰত উপস্থিত থাকি জনসাধাৰণৰ মৰম-চেনেহত অভিভূত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
মুখ্যমন্ত্ৰীয়ে জনাইছে যে, বি টি আৰবাসীৰ উষ্ণ অভ্যৰ্থনা আৰু আন্তৰিক সমৰ্থনে তেওঁক গভীৰভাবে প্ৰভাৱিত কৰিছে। আজিৰ দিনটোও তেনে পৰিৱেশৰ ব্যতিক্ৰম নাছিল। দিনভৰিত বি টি আৰৰ বিভিন্ন সমষ্টিত অনুষ্ঠিত একাধিক জনসভা সম্বোধন কৰি তেওঁ পুনৰ স্মৃতিমধুৰ সময় অতিবাহিত কৰে।
সভাসমূহত বক্তৃতা আগবঢ়াই মুখ্যমন্ত্ৰীয়ে কয়, “যি মৰম আৰু বিশ্বাস বি টি আৰবাসীয়ে মোৰ প্ৰতি দেখুৱাইছে, সেইবোৰৰ প্ৰতিদান মই সন্মান, স্বচ্ছতা আৰু উন্নয়নৰ মাজেৰে নিশ্চিতকৈ দিয়াৰ চেষ্টা কৰি থাকিম।”
উল্লেখ্য, সমাগত BTC নিৰ্বাচনক লৈ বি টি আৰ অঞ্চলত প্ৰচাৰ-প্ৰসাৰৰ তীব্ৰতা দিন দিন বৃদ্ধি পাইছে আৰু মুখ্যমন্ত্ৰীৰ সক্ৰিয় উপস্থিতিয়ে বিজেপিৰ প্ৰচাৰত নতুন গতি যোগাইছে।