বিশ্বজুৰি ছুনামি সতৰ্কতা: ৰাছিয়াৰ শক্তিশালী ভূমিকম্পৰ পিছত সৃষ্টি হৈছে আতংক
৩০ জুলাই, ২০২৫
ৰাছিয়াৰ প্ৰাকৃতিক দুৰ্যোগে বিশ্ববাসীক কঁপাই তুলিছে। আজিৰে পৰা কেইঘণ্টা আগতে ৰাছিয়াৰ পাৰ্শ্বৱৰ্তী সমুদ্রাঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ ভূমিকম্প। এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৮.7 ৰিক্টাৰ স্কেলত। এই ভূমিকম্পৰ ফলত বিশ্বৰ ১২খন দেশত এতিয়া ছুনামি এলাৰ্ট জাৰি কৰা হৈছে।
জাপানৰ পৰমাণু প্লাণ্টত সাগৰীয় ঢৌৰ খুন্দা
জাপানৰ উপকূলীয় অঞ্চলত সাগৰীয় ঢৌৰ প্ৰচণ্ড খুন্দাত এজন পৰমাণু বিদ্যুৎ কেন্দ্ৰৰ আংশিক ক্ষতি হোৱা বুলি জনোৱা হৈছে। যদিও এতিয়ালৈকে কোনো ৰেডিঅ’এক্টিভ ধোঁৱা বা বিপজ্জনক বিকিৰণৰ তথ্য নাই, তথাপিও সকলোৱে সতর্কতা অৱলম্বন কৰি আছে।
আমেৰিকাৰ হাৱাই আৰু কেলিফৰ্ণিয়াত চূড়ান্ত সতৰ্কতা
এই দুৰ্যোগৰ প্ৰতিক্ৰিয়াত আমেৰিকাৰ হাৱাই আৰু কেলিফৰ্ণিয়াৰ উপকূলত ছুনামি সতৰ্কতা জাৰি কৰা হৈছে। ৰাজ্য দুটাইত বন্দৰসমূহ খালী কৰি জনসাধাৰণক উচ্চভূমিত স্থানান্তৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে।
চীনৰ ছাংহাইতো বিপদৰ সংকেত
চীনো এই বিপদৰ পৰা আঁতৰি থাকিব পৰা নাই। ছাংহাই মহানগৰীত প্ৰায় ৩ লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। উপকূলত থকা সকলো আৱাস, স্কুল, আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰা হৈছে।
বিশ্বজুৰি চাঞ্চল্য আৰু সতৰ্কতা
এই ছুনামি এলাৰ্টৰ বাবে ফিলিপাইন, ইন্দোনেছিয়া, দক্ষিণ কোৰিয়া, থাইলেণ্ড, নিউজিলেণ্ড, ক্যানাডা আদি দেশেও নিজৰ উপকূলত সতৰ্কতা বৃদ্ধি কৰিছে।
বিশেষজ্ঞসকলে কয়, “পৃথিৱীৰ বৃহৎ উপকূলীয় অঞ্চলসমূহত এই পৰিস্থিতিয়ে আগন্তুক ২৪ ঘণ্টাত দ্ৰুত পৰিৱৰ্তন আনিব পাৰে। সকলো দেশক সজাগ থাকিবলৈ আহ্বান জনোৱা হৈছে।”
এই ঘটনাৰ ওপৰত বিশ্বজুৰি নজৰ ৰাখি থকা হৈছে, আৰু যিকোনো নতুন তথ্য আহিলেই সদায় আপডেট কৰা হ’ব।