বিশিষ্ট সংস্কৃত পণ্ডিত বিশ্বনাথ ভট্টাচাৰ্যৰ দেহাৱসান  তামুলপুৰত শোকৰ ছাঁ। 

Telegram

বিশিষ্ট সংস্কৃত পণ্ডিত বিশ্বনাথ ভট্টাচাৰ্যৰ দেহাৱসান 

 

তামুলপুৰত শোকৰ ছাঁ। 

 

 

তামুলপুৰঃ১৮ জুন

 

তামুলপুৰ জিলা সদৰস্থ ভকতপাৰা গাঁৱ নিবাসী তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সংস্কৃত শিক্ষক বিশিষ্ট সংস্কৃত পণ্ডিত বিশ্বনাথ ভট্টাচাৰ্যৰ আজি দিনৰ ১২’৩০ বজাত স্বগৃহত পৰলোকপ্ৰাপ্তী হয় ৷ অবিভক্ত কামৰূপ জিলাৰ ঘোপলা মহৰীয়াত জন্ম গ্ৰহন কৰা অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীয়ে টিহু সংস্কৃত টোলত শিক্ষা গ্ৰহন কৰি শিক্ষা ন্যায় ব্যকৰণ শাস্ত্ৰী উপাধি লাভ কৰে ৷ পৰৱৰ্তী সময়ত তেওঁ ১৯৫৯ চনৰ মাৰ্চ মাহৰ পৰা তেতিয়াৰ তামুলপুৰ হাইস্কুলত সংস্কৃত বিষয়ৰ শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে ৷ চাকৰি সূত্ৰে তামুলপুৰ জিলা সদৰস্থ ভকতপাৰা গাঁৱত স্থায়ী ভাৱে বসবাস কৰিবলৈ লয় ৷ শিক্ষকতাৰ সমান্তৰালভাৱে তেওঁ তামুলপুৰৰ সমাজ জীৱনৰ এক অংগাগী হৈ পৰে আৰু এগৰাকী বিদগ্ধ সংস্কৃত পণ্ডিত হিচাপে তামুলপুৰত বিশেষ স্থান লাভ কৰি শৈক্ষিক সামজখনত বিশেষ ভূমিকা গ্ৰহন কৰিবলৈ সক্ষম হৈছিল ৷ সকলোৰে প্ৰিয় শিক্ষক গৰাকী ৷ অতি অমায়িক স্বভাৱৰ ছাত্ৰ,শিক্ষক, অভিভাৱক সকলোৰে প্ৰিয়ভাজন শিক্ষক গৰাকী ১৯৯৫ নবেম্বৰ মাহত সুখ্যাতিৰে চাকৰি জীৱন শেষ কৰি অৱসৰ গ্ৰহন কৰে ৷ অৱসৰৰ পিছতো তেওঁ তামুলপুৰৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ সভা – সমিতিত সক্ৰিয়তাৰে অংশ গ্ৰহন কৰি এগৰাকী বক্তা হিচাপেও সুপৰিচিত হৈছিল ৷ আনকি তামুলপুৰৰ যি কোনো অনুষ্ঠান উৎসৱ – পাৰ্বন উপলক্ষে প্ৰকাশ কৰি উলিওৱা আলোচনী, স্মৃতিগ্ৰন্থ ,মুখপত্ৰ আদিত নিয়মিতভাৱে লেখা মিলা কৰি নিজৰ কলম অব্যাহত ৰাখিছিল ৷

কিছুদিন ধৰি বাৰ্দ্ধক্যৰ বাবে শয্যাশায়ী হৈ আছিল তেওঁ । সমাজ প্ৰিয় অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰিয়েই শিক্ষক গৰাকীৰ গৃহত তেওৰ গুনমুগ্ধ,শুভাকাংক্ষী ,আত্মীয় স্বজন আদি আহি চোতালত ভিৰ কৰে ৷ সকলোৰে প্ৰিয় ভাজন বয়োজ্যেষ্ঠ শিক্ষক গৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ইপিনে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী বৃন্দ, ছাত্ৰ একতা সভা তামুলপুৰ শাখা সাহিত্য সভা, তামুলপুৰ শাখা সত্ৰ, জ্যেষ্ঠ নাগৰিক মঞ্চ, তামুলপুৰ দুৰ্গামন্দিৰ পৰিচালনা সমিতি, মহকুমা ৰঙালী বিহু সন্মিলন , হৰিমন্দিৰ পৰিচালনা সমিতি, ৰাস পৰিচালনা সমিতি, বডোলেণ্ড সাংবাদিক সংস্থা, তামুলপুৰ প্ৰেছ ক্লাৱ, তামুলপুৰ জিলা সাংবাদিক সন্থা, তামুলপুৰ জিলা ছাত্ৰ সন্থা,তামুলপুৰ আঞ্চলিক ছাত্ৰ, অসম নাট্য সন্মিলন, তামুলপুৰ শাখাৰ লগতে বিভিন্ন দল সংগঠনে অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীৰ মৃত্যুত শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত প্ৰয়াত ভট্টাচাৰ্যই পত্নী, তিনিগৰাকী পুত্ৰ- বোৱাৰী, এগৰাকী জী – জোঁৱাই সহিতে এখন সুখৰ সংসাৰ এৰি থৈ যায়। নিশা অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীৰ এক শোকাকুল পৰিবেশত অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷

  • Related Posts

    • Current
    • September 16, 2025
    • 4 views
    • 1 minute Read
    তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ

    Telegram

    TelegramTweet*তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ, ২০২৫* :     আজি বৰনগৰস্থিত তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সমাগত বিটিচি নিৰ্বাচনৰ বাবে তামুলপুৰ জিলাৰ নাগ্ৰীজুলি, শুক্লাই ছেৰফাং আৰু দৰঙাজুলি…

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *