BTR NEWS

বিশিষ্ট শিক্ষক ,সুদক্ষ খেলুৱৈ ,অভিনেতা সুৰেন্দ্ৰ মোহন দাসৰ দেহাবসান ।                                      

Telegram

বিশিষ্ট শিক্ষক ,সুদক্ষ খেলুৱৈ ,অভিনেতা সুৰেন্দ্ৰ মোহন দাসৰ দেহাবসান ।                                      

 

তামুলপুৰ,২৪ আগষ্ট-

 

তামুলপুৰ জিলাৰ গুৱাকুছী নিৱাসী অৱসৰি শিক্ষক,বিশিষ্ট সমাজকৰ্মী,সুদক্ষ খেলুৱৈ সুৰেন্দ্ৰ মোহন দাস ৰ দেহবসান ৷ বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভূগি থকা সুৰেন্দ্ৰ মোহন দাসৰ নিশা নিজ বাস ভবনত মৃত্যু হয় । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৫ বছৰ। । শিক্ষকতাৰ উপৰিও প্ৰয়াক দাস এজন সুদক্ষ ফুটবল আৰু ভলীবলৰ খেলুৱৈৰ লগতে খেল পৰিচালক হিচাপেও খ্যাতি অৰ্জন কৰিছিল ।প্ৰয়াত দাস এগৰাকী সু- অভিনেতা হিচাপেও যথেষ্ট সুনাম অৰ্জন কৰিছিল ।

তেতেলীগুৰি কালাকুছি বাৰোৱাৰী লক্ষ্মী পূজাৰ স্থায়ী সমিতিৰ প্ৰাক্তন সভাপতি,পশ্চিম তামুলপুৰ অঞ্চলিক কলাকৃষ্টি সংঘ ,পশ্চিম তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়,পশ্চিম তামুলপুৰ মিলিত নাট্য গোষ্ঠীৰ প্ৰতিস্থা কালৰ সদস্য উপৰিও হিচাপে তামুলপুৰৰ কেইবাটাও ক্ৰীড়া সংগঠনৰ লগত জড়িত আছিল । সুৰেন মোহন দাসৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ কেইবাটাও দল সংগঠন নেতা কৰ্মী ,পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ বিষয়ববীয়া পশ্চিম তামুলপুৰ কলাকৃষ্টি সংঘ,পশ্চিম তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, স্বৌনাব তামুলপুৰ বড়ো এম ই স্কুল, পশ্চিম তামুলপুৰ ছোৱালী এম ই স্কুল,তেতেলীগুৰি কালাকুছি বাৰোৱাৰী শ্ৰী শ্ৰী লক্ষ্মী মাইনাও পূজা স্থায়ী সমিতি ,পশ্চিম তামুলপুৰ মিলিত নাট্যগোষ্ঠী ,কালাকুছি বজাৰ চ’ক সমিতিৰ কৰ্মকৰ্তা সকলৰ লগতে সমাজৰ নেতৃস্থানীয় ব্যক্তিসকলে প্ৰয়াত দাসক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গক গভীৰ সমবেদনা জনাই। প্ৰয়াত দাসৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ বিয়পি পৰে । মৃত়্যুৰ সময়ত প্ৰয়াত সুৰেন মোহন দাসে পত্নী, দুগৰাকী পুত্ৰ বোৱাৰী সহ অসংখ্য গুণমুগ্ধক এৰি থৈ যায়় ৷

Exit mobile version