BTR NEWS

বিলাসীপাৰাত পুনৰ আটক এটা সন্দেহজনক জেহাদী

Telegram

বিলাসীপাৰাত পুনৰ আটক এটা সন্দেহজনক জেহাদী। এইবাৰ STFৰ হাতত পৰিল আজিবৰ ৰহমান নামৰ এজন সন্দেহজনক জেহাদী। ধৃত ব্যক্তিজন বিলাসীপাৰাৰ চিনামাৰী গাঁৱৰ বাসিন্দা। সন্দেহযুক্ত জেহাদীটোক STFয়ে আটক কৰাৰ পাছত তদন্তৰ বাবে গুৱাহাটীলৈ লৈ অহা হৈছে।

 

বৰ্তমান সময়ত এই ধৰণৰ ঘটনা সংকটজনক ৰূপ লৈছে। সুৰক্ষা সংস্থাসমূহে এই ধৰণৰ সন্দেহজনক কার্যকলাপক গুৰুত্বসহকাৰে লৈ তদন্ত আগবঢ়াইছে। আজিবৰ ৰহমানৰ আটকক লৈ পুনৰ এই অঞ্চলৰ বাসিন্দাসকলৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে।

 

ঘটনাৰ লগত সম্পৰ্কিত অধিক তথ্য বিচাৰ কাৰ্য চলি আছে। STF আৰু আন সুৰক্ষা সংস্থাসমূহৰ তদন্তৰ ফলাফল আগন্তুক দিনত প্ৰকাশ পাব।

 

Exit mobile version