বিলাসীপাৰাত গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যুবাৰ্ষিকী উদযাপন
অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। তেওঁ বক্তৃতাত প্ৰতিমা বৰুৱা পাণ্ডেৰ লোকগীতৰ প্ৰতি অৱদানৰ বিষয়ে বৰ্ণনা কৰি কয় যে তেওঁৰ সৃষ্টি আৰু সংগীত অসমীয়াৰ সাংস্কৃতিক পৰিচয়ৰ অংশ।
এই উদযাপনে গোৱালপৰীয়া লোকগীতক নতুন প্ৰজন্মৰ মাজত জনপ্রিয় কৰি তোলাৰ লগতে প্ৰতিমা বৰুৱাৰ সৃষ্টিৰ প্ৰতি জাগ্ৰত থকা প্ৰেৰণাক আগবঢ়াইছে।