BTR NEWS

বিনামূলীয়া চিকিৎসা শিৱিৰ: ৰাজপথেৰে অহা-যোৱা লোকৰ বাবে স্বাস্থ্য পৰীক্ষা

Telegram

বিনামূলীয়া চিকিৎসা শিৱিৰ: ৰাজপথেৰে অহা-যোৱা লোকৰ বাবে স্বাস্থ্য পৰীক্ষা

 

গুৱাহাটী মহানগৰীৰ নালাপাৰাত অৱস্থিত ৰিজনেল কলেজ অব হেল্থ ছায়েঞ্চৰ চৌহদত বিনামূলীয়া চিকিৎসা শিৱিৰ আয়োজন কৰা হয়। এই শিৱিৰত ৰাজপথেৰে অহা-যোৱা ১৮০ জনতকৈ অধিক লোকে অংশগ্ৰহণ কৰি স্বাস্থ্য পৰীক্ষাৰ সুবিধা লয়।

 

শিৱিৰখনৰ মূল উদ্দেশ্য আছিল সাধাৰণ জনতাক বিনামূলীয়া চিকিৎসাৰ সুবিধা প্ৰদান কৰাৰ লগতে স্বাস্থ্য সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰা। শিৱিৰত স্বাস্থ্য পৰীক্ষা, প্ৰাথমিক চিকিৎসা, আৰু পৰামৰ্শৰ ব্যৱস্থা কৰা হৈছিল। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলেও সমাজত সুস্থ জীৱনযাপন, স্বাস্থ্য সজাগতা, আৰু সঠিক চলাফেৰা সম্পৰ্কে গুৰুত্ব আৰোপ কৰে।

 

অনুষ্ঠানখনৰ শুভাৰম্ভন কৰে মহাবিদ্যালয় খনৰ প্ৰশাসনিক সঞ্চালক বুবুল কলিতা আৰু সঞ্চালক অক্ষয় ডেকাই। এই ধৰণৰ শিৱিৰে সাধাৰণ জনতাক স্বাস্থ্যসেৱা প্ৰদান কৰাৰ লগতে সমাজত সুস্থতাৰ বোধ জাগ্ৰত কৰাত সহায় কৰে।

 

Exit mobile version