
বিটিচি নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলবত
৫ বছৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ বিফল।
বিটিচিৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰিও ফলাফল ঘোষণা কৰিব নোৱাৰাৰ উপৰিও বিটিআৰ স্পেচিয়েল টেটৰ LP, UP ১০০০ SIU থকাৰ পিছতো আজি কালিকৈ বিভিন্ন অজুহাত দেখুৱাই দিবলৈ সক্ষম নহ’ল শিক্ষক নিযুক্তি। বিফল প্ৰমোদ বড়োৰ সাংবাদিকৰ আগত তৰল মন্তব্য–
ইপিনে বন বিভাগকে আদি কৰি যি সমূহ নিযুক্তি দিলে সেই নিযুক্তি সমূহতো , বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী, পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ তথা প্ৰাৰ্থী সকলে ভয়ঙ্কৰ দূৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে।
মুখ্যমন্ত্ৰী গৰাকীয়ে BTC ত প্ৰথম স্থান দখল কৰাৰ লগতে বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিব বুলি কোৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰমোদ বড়োৱে কয় যে– সকলোৱে নিজৰ নিজৰ দলৰ কথা কব। আমি ভাবিছো আমি অকলে চৰকাৰ গঠন কৰিম।