BTR NEWS

বিটিচি নিৰ্বাচনলৈ মাজত মাথো আৰু কেইটিমান দিন। বিটিচিৰ চৌদিশে এতিয়া নিৰ্বাচনী বতাহ।

Telegram

বিটিচি নিৰ্বাচনলৈ মাজত মাথো আৰু কেইটিমান দিন। বিটিচিৰ চৌদিশে এতিয়া নিৰ্বাচনী বতাহ।

 

বিজেপি, বিপিএফ, ইউপিপিএল সকলো দল ব্যস্ত নিৰ্বাচনী প্ৰচাৰত৷ ভোটাৰৰ মন জয় কৰিবলৈ সকলোৱে চলাইছে আপ্ৰাণ চেষ্টা ৷

 

বিজেপিৰ দুৰ্গৰূপে পৰিচিত ২৭নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত বিজেপি দলৰ মনোনীত প্ৰাৰ্থী জনপ্ৰিয় যুৱনেতা ভজন দাসে ৰাইজৰ সমৰ্থন আদায় কৰি দিনে নিশাই চলাইছে প্ৰচাৰ অভিযান। ইয়াৰ মাজতে যুৱ সমাজকৰ্মী ভজন দাসৰ সমৰ্থনত বিভিন্ন জাতি জনগোষ্ঠীৰ বহুসংখ্যক পুৰুষ মহিলাই ৰবিবাৰে বিয়লি যোগদান কৰিছে বিজেপি দলত।

 

সকলোৰে আশা এইবাৰ সমাগত বিটিচি নিৰ্বাচনত নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ পৰা বিপুল ভোটত বিজয়ী কৰাব ভজন দাসক।

Exit mobile version