BTR NEWS

বিটিচি নিৰ্বাচনত বিজেপিয়ে ১৮ খন আসন লাভ কৰিবঃ মন্ত্ৰী ৰঞ্জিত দাস

Telegram

বিটিচি নিৰ্বাচনত বিজেপিয়ে ১৮ খন আসন লাভ কৰিবঃ মন্ত্ৰী ৰঞ্জিত দাস

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বটলাণ্ড টেৰিটোৰিয়েল কাউন্সিল (বিটিচি)ৰ প্ৰতিটো VCDC অঞ্চলত বিজেপিয়ে আৰম্ভ কৰিছে “মিচন BTR”। এই অভিযানৰ জৰিয়তে দলটোৱে সমগ্ৰ বিটিআৰ অঞ্চলত শক্তিশালী সংগঠন গঢ়ি তোলাৰ লগতে ভোটাৰ সকলৰ সৈতে সজাগ সংযোগ স্থাপন কৰিবলৈ তৎপৰ হৈছে।

 

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এক সভাত মন্তব্য কৰি কয়, “এইবাৰ বিটিচিৰ নিৰ্বাচনত বিজেপিয়ে ১৮ খন আসনত জয়লাভ কৰিব। জনগণে উন্নয়ন, শান্তি আৰু স্থিৰতাৰ বাবে বিজেপিকেই বাছি ল’ব।” তেওঁ লগতে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ নেতৃত্বত বিটিআৰত যিসকল উন্নয়নমূলক কাম হ’ল, তাৰ সুফল জনগণে বুজি পাইছে।

 

VCDCভিত্তিক প্ৰচাৰ অভিযান

বিজেপিয়ে এতিয়া বিটিআৰৰ প্ৰতিটো VCDCত মিছন BTRৰ অধীনত অঞ্চলভিত্তিক সম্বাদ সভা, সদস্য সভা আৰু ঘৰে ঘৰে যোগাযোগৰ কাৰ্যসূচী আৰম্ভ কৰিছে। দলটোৰ উচ্চস্তৰীয় নেতাসকলেও এই প্রচাৰ কাৰ্যসূচীত সক্ৰিয়ভাবে অংশ লৈছে।

 

বিপিএফ আৰু UPPLৰ প্ৰতিদ্বন্দ্বিতাৰ মাজতো আত্মবিশ্বাসী বিজেপি

ইপিনে বিটিচি নিৰ্বাচনত বিপিএফ আৰু UPPLৰ মাজত থকা প্ৰধান প্ৰতিদ্বন্দ্বিতাৰ মাজতো বিজেপিয়ে নিজৰ সংগঠন শক্তিৰ ওপৰত ভৰসা ৰাখিছে। বিজেপিৰ মতে, বিটিআৰৰ লোকসকলে বেছি দিন ধৰি একে ধৰণৰ ৰাজনীতি দেখি ক্লান্ত আৰু সেয়ে এইবাৰ নতুন বিকল্প হিচাপে বিজেপিক বাচি ল’ব।

 

বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি অঞ্চলটোত ৰাজনৈতিক তৎপৰতা তীব্ৰ হোৱাৰ লগতে দলসমূহে নিজৰ শক্তি প্ৰদৰ্শন আৰম্ভ কৰিছে।

 

আগন্তুক দিনত বিটিআৰৰ ৰাজনীতিত এই “মিচন BTR” কিদৰে প্ৰভাৱ পেলায়, সেয়া লক্ষ্যণীয় হ’ব।

 

Exit mobile version