BTR NEWS

বিটিআৰ (BTR)ত আকৌ বন্দুক ওলাব পাৰে। ইয়াৰ মূল কাৰণ হ’ব মানুহৰ খং আৰু ক্ষোভ।”

Telegram

বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

 

উদালগুৰিত আয়োজিত বিজেপিৰ বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য কৰে। তেওঁ কয় যে—

 

👉 “বিটিআৰ (BTR)ত আকৌ বন্দুক ওলাব পাৰে। ইয়াৰ মূল কাৰণ হ’ব মানুহৰ খং আৰু ক্ষোভ।”

 

মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে বৰ্তমান বিটিআৰ অঞ্চলত বহু সমস্যা জিই উঠিছে, যাৰ সঠিক সমাধান নোহোৱাকৈ থাকিলে পুনৰ অঞ্চলটোত অশান্তি সৃষ্টি হ’ব পাৰে।

 

তেওঁ দলীয় কৰ্মীসকলোকে একতাবদ্ধ হৈ অঞ্চলত শান্তি আৰু ভাতৃত্ব বজাই ৰখাৰ আহ্বান জনায়। লগতে বিজেপি চৰকাৰে বিটিআৰৰ উন্নয়ন আৰু শৃঙ্খলা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সদায় প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে সভাত প্ৰতিশ্ৰুতি দিয়ে।

 

সভাত বিপুল সংখ্যক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ এই মন্তব্যে আগন্তুক দিনত BTRৰ ৰাজনীতি আৰু সামাজিক পৰিৱেশত নতুন বিতৰ্কৰ জন্ম দিব বুলি ৰাজনৈতিক বিশ্লেষকে অভিমত প্ৰকাশ কৰিছে।

Exit mobile version