BTR NEWS

বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজ নাথ সিঙক সাক্ষাৎ।

Telegram

বিটিআৰ (বডো টেৰিটৰিয়েল ৰিজন) প্ৰধান প্ৰমোদ বড়োৱে নতুন দিল্লীত ৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে বিশেষ সাক্ষাৎ অনুষ্ঠিত কৰে। এই সাক্ষাৎত বিটিআৰত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে অনুষ্ঠিত কৰা বিভিন্ন নিযুক্তি সভা আৰু উন্নয়নমূলক কাৰ্যসূচীত অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ সক্ৰিয় অংশগ্ৰহণৰ প্ৰয়োজনীয়তা আৰু সুযোগ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

 

সাক্ষাৎৰ সময়ত, প্ৰমোদ বড়োৱে বিটিআৰৰ বাবে এটা বিশেষ ৰেজিমেণ্ট, “টেৰিটৰিয়েল আৰ্মি হোম এণ্ড হাৰ্থ বেটেলিয়ন” গঠন কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীক এখন স্মাৰক পত্ৰ দাখিল কৰে। এই ৰেজিমেণ্ট গঠনৰ জৰিয়তে অঞ্চলটোৰ যুৱ সমাজৰ মধ্যে দেশপ্ৰেম, সুশৃংখলতা, আৰু নিৰ্মাণমূলক অৱদান বৃদ্ধি কৰিব পাৰিব বুলি বিশ্বাস প্ৰকাশ কৰা হয়।

 

বিটিআৰৰ বিশেষ অৱস্থান আৰু সামাজিক চাহিদা মনত ৰাখি, এনে পদক্ষেপে অঞ্চলটোৰ শান্তি, স্থিতিশীলতা, আৰু উন্নয়ন প্ৰসাৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি আশা।

 

 

Exit mobile version