বিটিআৰ প্ৰধান প্রমোদ বড়োলৈ অসম গৰিয়া পৰিষদৰ “সম্প্ৰীতি বঁটা” ৷
তামুলপুৰঃ
১১জানুৱাৰীঃ
বি.টি.আৰ. প্রধান প্রমোদ বড়োলৈ সম্প্রীতি বঁটা আগবঢ়াইছে অসম গৰিয়া পৰিষদে। পৰিষদৰ সভাপতি আব্দুল হামিদ আৰু কাৰ্য্যকৰী সভাপতি মইনুল হকে সংবাদ মাধ্যমক আজি জানিব দিয়ে । লগতে উল্লেখ কৰি কয় যে প্রমোদ বড়োবে বি.টি.আৰৰ দায়িত্ব লোৱাৰ পিছত সমগ্র বি.টি. আৰ অঞ্চলত শান্তিয়ে বিৰাজ কৰিছে। লগতে বি.টি.আৰত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ লোকৰ মাজত ভাতৃত্ববোধৰ এনাজৰী পূৰ্বতকৈ সুদৃঢ় হৈছে। ইয়াৰ উপৰিও বি.টি.আৰ প্রধান শ্রীবড়োবে ২৬ টা জনগোষ্ঠীৰ বিভিন্ন অভাব-অভিযোগ আৰু সমস্যাসমূহ তেওঁ প্ৰস্তুত কৰি থকা ভিজন ডকুমেন্টত অন্তর্ভুক্ত কৰাৰ কথা সদৰী কৰে সংগঠনটোৱে। প্রমোদ বড়োবে বি.টি.আৰৰ সকলো জাতি-জনগোষ্ঠীক লগত লৈ আগবাঢ়ি যোৱাত বি. টি.আৰত উন্নয়ন আৰু এক শান্তিৰ বাতাবৰণ সৃষ্টি হৈছে। ভবিষ্যতে প্রমোদ বড়োক ৰাজনৈতিক আৰু সামাজিকভাৱে আৰু অধিক কাম কৰাৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ সংগঠনটোৱে সম্প্রীতি বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে । অচিৰেই আনুষ্ঠানিকভাবে তেওঁক এই বঁটা প্রদান কৰা হ’ব বুলি জনাইছে সংগঠনটোৱে ।