বিটিআৰ পাৰিষদ বিজিৎ গৌৰা নাৰ্জাৰীৰ ব্যতিক্ৰমী পদক্ষেপ।
তামুলপুৰ ১৮ জুন
তামুলপুৰ জিলাৰ কলবাৰী মদাইগিৰি বাথৌ থানচালি প্ৰাংগণত গাঁৱ উন্নয়ন সমিতি আৰু গাঁৱৰ পুৰুষ মহিলা সকলৰ সৈতে এক মতবিনিময় অনুষ্ঠান অংশগ্ৰহণ কৰে বিটিআৰ
২৬ নং দৰংগাজুলি পৰিষদীয় সমষ্টিৰ এম চি এল এ তথা তামুলপুৰ জিলা ভূমি উপদেষ্টা সমিতিৰ অধ্যক্ষ বিজিৎ গৗৰা নাৰ্জাৰীয়ে। মত বিনিময় অনুষ্ঠানত চৰকাৰী আঁচনি মিচন বসুন্ধৰা, অৰুনোদয়, মাটিৰ পট্ৰা দিয়া আদিৰ ওপৰত সজাগতা আনিবলৈ প্ৰয়াস কৰাৰ লগতে গ্ৰাম্যঞ্চলত জনসাধাৰণৰ বাবে গ্ৰহন কৰা আঁচনি সমূহৰ বিষয়ে অৱগত কৰি। জনগোষ্ঠীয় সংস্কৃতি আৰু বাথৌ ধৰ্মীয় লোক সকলৰ মাজত সুন্দৰ বক্তব্য ৰাখি গাঁৱৰ আৰ্থাসামাজিক দিশ টনকিয়াল কৰি সকলোৱে নিজৰ কৰ্মসংস্কৃতিৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় ৷ মতবিনিময় অনুষ্ঠানতে গাৱ খনৰ জ্যেষ্ঠ সকলৰ মাজত বস্ত্ৰ বিতৰন কৰে এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰীয়ে। এম চি এল এ বিজিৎ গৌৰাং নাৰ্জাৰীৰ এনে মহানুভৱতাক মদাইগিৰি গাৱৰ ৰাইজে ভূয়সী প্ৰশংসা কৰে। গাঁৱ উন্নয়ন সমিতিৰ সভাপতি ৰাজেশ দৈমাৰীয়ে আত ধৰা মত বিনিময় অনুষ্ঠানটোত গাঁও উন্নয়ন সমিতিৰ সম্পাদক সুৰেশ বসুমতাৰী, ক্ৰীড়া সংগঠক মথুৰা বড়ো, যুৱ সমাজকৰ্মী মদাইগিৰি দৈমাৰী সহ গাঁৱৰ জ্যেষ্ঠ সকলৰ লগতে যুৱক যুৱতীৰ সকল উপস্থিত থাকে ।