BTR NEWS

বিটিআৰ নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ বোধাই:

Telegram

বিটিআৰ নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ

বোধাই:

 

আসন্ন বডোলেণ্ড টেৰিটৰিয়েল ৰিজিঅন (BTR) নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ হোৱাৰ লগে লগে আজিৰে পৰা খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। বিটিচি (BTC)ৰ অধীনস্থ ৪০টা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২৬,৬৯,৩৯৬ গৰাকী বুলি জানিব পৰা গৈছে।

 

এই খচৰা তালিকাত পুৰুষ ভোটাৰৰ সংখ্যা ১৩,২৯,৭৪২ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ১৩,৩৯,৬৩৭ গৰাকী। লগতে অন্যান্য (থাৰ্ড জেণ্ডাৰ) ভোটাৰৰ সংখ্যা ৭০ গৰাকী বুলি নিৰ্বাচন বিভাগে জানিবলৈ দিয়ে।

 

ভোটাৰ তালিকা সংশোধনৰ বাবে নির্ধাৰিত সময়ছোৱাৰ ভিতৰত নাগৰিকসকলে নিজৰ নাম, ঠিকনা বা অন্য তথ্য সংশোধন কৰাৰ বাবে আবেদন কৰিব পাৰে। নিৰ্বাচন আয়োগে ইতিমধ্যে সংশ্লিষ্ট সকলো ৰাজনৈতিক দল, চৰকাৰী আৰু নিৰ্বাচনী কৰ্তৃপক্ষক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰিছে।

 

আগন্তুক BTR নিৰ্বাচনত স্বচ্ছ আৰু নিৰপেক্ষ ভোট গ্ৰহণ নিশ্চিত কৰিবলৈ সমগ্ৰ প্ৰশাসন তৎপৰ হৈ উঠিছে।

 

Exit mobile version