BTR NEWS

বিটিআৰ নিৰ্বাচনৰ আগত তামুলপুৰত গৌৰৱ গগৈৰ ৰাজনৈতিক তীক্ষ্ণতা! 🔴

Telegram

বিটিআৰ নিৰ্বাচনৰ আগত তামুলপুৰত গৌৰৱ গগৈৰ ৰাজনৈতিক তীক্ষ্ণতা! 🔴

 

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ আজি তামুলপুৰত উপস্থিত হৈ বিটিআৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ শক্তিশালী ভূমিকা ঘোষণা কৰে। তেওঁ স্পষ্টকৈ কয় —

 

➡️ “বিটিআৰ নিৰ্বাচনত এইবাৰ এখন যুঁজ হ’ব।”

➡️ কংগ্ৰেছে ৪০টা সমষ্টিত নিজে প্ৰাৰ্থী দিব।

➡️ কোনো দলৰ সৈতে মিত্ৰতা নহ’ব — অকল কংগ্ৰেছ।

 

🛕 পুৱাতে গগৈয়ে প্ৰাক্তন মন্ত্ৰী পদুম বাহাদুৰ চৌহাৰ বাসগৃহত জ্যেষ্ঠ নাগৰিকৰ সৈতে মতবিনিময় কৰে। তাৰ পিছতে দুৰ্গা মন্দিৰত আয়োজিত কৰ্মী সভাত অংশগ্ৰহণ কৰে।

 

🔊 সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি গগৈয়ে কয় —

“হিমন্ত বিশ্ব শৰ্মা আদানি-আম্বানিৰ ওচৰত আঠু ললে।”

“অসমৰ গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে।”

“আদানিৰ সন্মুখত মুখ্যমন্ত্ৰী নিমাত হৈ পৰিছে।”

 

📌 কংগ্ৰেছে বিটিআৰক ২০২৫ৰ বৃহৎ ৰাজনৈতিক ক্ষেত্ৰ হিচাপে লৈছে। দলে ঘোষণা কৰিছে —

👉 নাযায় মিত্ৰতাৰ পথত, লৰে নিজা পথত।

Exit mobile version