বিটিআৰ নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰচাৰ-প্ৰচাৰণা দিন দিন তীব্ৰ গতি লাভ কৰিছে। এতিয়াও বিটিআৰৰ পূৰ্বতন মুখ্যমন্ত্ৰী হাগ্ৰামা মহিলাৰীয়ে অঞ্চলটোত পুনৰ স্থান দখল কৰিবলৈ হেলিকপ্টাৰেৰে ভ্ৰমণ কৰি প্রচাৰ অভিযান আৰম্ভ কৰিছে। লগতে গাড়ীৰে স্থানীয়ভাৱে সভা সমিতিতো যোগদান কৰি ৰাইজক সম্বোধন কৰিছে।
ইতিমধ্যে তামুলপুৰ জিলাৰ ২৮ নং গয়বাৰী পৰিষদীয় সমষ্টিৰ গান্ধীবাৰীত অনুষ্ঠিত ইউপিপিএল দলৰ এখন বুথ সভাত যোগদান কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। সাংবাদিকৰ আগত তেওঁ মন্তব্য কৰি কয় —
“বিটিআৰত আমাৰ দলে অকলে চৰকাৰ গঠন কৰিব পৰা আসন লাভ কৰিব। প্ৰতিটো সমষ্টিত ভোট সমূহ আমাৰ দললৈ আহি আছে।”
“যিকোনো মূহুৰ্তত আমি দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিম।”
“ৰাষ্ট্ৰীয় দলক বিটিআৰত ৰাইজে যদি বিচৰা নাই, তেন্তে তেওঁলোকৰ ফলাফল বেয়া হব, কিন্তু আমাৰ দলৰ ফলাফল অত্যন্ত সন্তোষজনক হব।”
এই মন্তব্যই চহকীভাৱে বিটিআৰৰ আগন্তুক নিৰ্বাচনী চিত্রত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি পৰ্যবেক্ষকৰ মত।