BTR NEWS

বিটিআৰৰ ৰাজনীতিত পুনৰ এক নতুন সমীকৰণ!

Telegram

 

বিটিআৰৰ ৰাজনীতিত পুনৰ এক নতুন সমীকৰণ!

আজিৰ দিনটোত APCC-ৰ পূৰ্বতন সাধারণ সম্পাদক তথা BTR কংগ্ৰেছ অবজাৰ্ভাৰ কমিটিৰ প্ৰাক্তন সভাপতি গৰ্জন মছাহাৰী লগতে ১৪জন শীৰ্ষস্থানীয় নেতা UPPL দলে যোগদান কৰিলে।

 

এই যোগদান অনুষ্ঠানত উপস্থিত থাকি সদৰীভূতে গৰ্জন মছাহাৰীসহ সকলো নতুন সদস্যক স্বাগতম জনালে মাননীয় বিধায়ক লৰেন্স ইশলাৰী। UPPL-ৰ শীৰ্ষ নেতৃত্বে এই যোগদানক বৃহৎ সাফল্য হিচাপে অভিহিত কৰিছে আৰু দলে অধিক শক্তিশালী হোৱাৰ আশা প্ৰকাশ কৰিছে।

 

👉 APCC-ৰ পূৰ্বতন সাধাৰণ সম্পাদক গৰ্জন মছাহাৰী যোগদান কৰিলে UPPL-ত।

👉 একেলগে ১৪জন নেতা-কর্মীৰও দল পরিবর্তন।

👉 UPPL বিধায়ক লৰেন্স ইশলাৰীয়ে ব্যক্তিগতভাৱে স্বাগত জনালে।

 

এই ঘটনাই কংগ্ৰেছ দলে বিটিআৰত উল্লেখযোগ্য আঘাত পাইছে বুলি স্থানীয় ৰাজনৈতিক মহলে মন্তব্য কৰিছে। আগন্তুক পৰিষদীয় নিৰ্বাচনলৈ মুখ কৰি UPPL-ৰ এই নতুন শক্তি দলটোক অধিক মজবুত কৰি তুলিব বুলি ধাৰণা।

Exit mobile version