
বিটিআৰৰ বগামাটীত দুঃসাহসিক ক্ৰীড়া ৰাফ্টিং প্ৰতিযোগিতা সম্পন্ন
গোৰেশ্বৰ-৩নৱেম্বৰঃ
বিটিআৰৰ বগামাটীত দুঃসাহসিক ক্ৰীড়া ৰাফ্টিং প্ৰতিযোগিতা সম্পন্ন
তিনিদিনীয়া কাৰ্যসূচীৰে বগামাটিত বৰনদী ৰাইডাইৰ্চ মীটৰ লগত সংগতি ৰাখি অনূষ্ঠিত হৈছে এই প্ৰতিযোগিতাৰ।
গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰ উদ্যোগত অসম তথা বিটিচিৰ পৰ্যটন বিভাগৰ সহযোগিতাত চতুৰ্থ বাৰৰ বাবে আয়োজিত হৈছে এই দুঃসাহসিক প্ৰতিযোগিতা।
পৰ্যটন উদ্যোগটোক আগবঢ়াই নিবৰ বাবে ভাৰত ভূটান সীমান্তৰ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যস্থলী বগামাটিত আয়োজিত এই প্ৰতিযোগিতাত অংশ লৈছে কেবাখনো ৰাজ্যৰ প্ৰতিযোগীয়ে।
দুঃসাহসিক ক্ৰীড়া ৰাফ্টিং প্ৰতিযোগিতাত চুবুৰীয়া ৰাজ্য মেঘালয়ে প্ৰথম, তেজপুৰৰ নামেৰীয়ে দ্বিতীয় আৰু গোৰেশ্বৰৰ বগামাটি দলে তৃতীয় পুৰস্কাৰ লাভ কৰে ।
অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হয় বটা বিতৰণী সভা ৷
সভাত বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ইপিনে উক্ত সভাতে বগামাটিৰ পৰ্যটনৰ বিস্তাৰ বিষয়ক বৰনদী শীৰ্ষক এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।
উল্লেখ্য যে ১ নবেম্বৰৰ পৰা আৰম্ভ হোৱা বৰনদী ৰাইডাইৰ্চ মীট উপলক্ষে কাইলৈ বাইক ৰাইড অনুষ্ঠিত হ’ব বুলি উদ্যোক্তা সকলে জানিব দিয়ে।
ইয়াৰোপৰি প্ৰতিযোগিতাৰ অন্তত এখনি বটা বিতৰণী সভা অনুষ্ঠিত হ’ব ৷
সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো , পৰ্যটন তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ,বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসকে ধৰি কেবজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব জানিব দিছে উদ্যোক্তাসকলে ।