BTR NEWS

বিটিআৰত ৪০টা পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিজেপিয়ে: ওদালগুৰিত দিলীপ শইকীয়াৰ ঘোষণা

Telegram

বিটিআৰত ৪০টা পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিজেপিয়ে: ওদালগুৰিত দিলীপ শইকীয়াৰ ঘোষণা

 

ওদালগুৰি, ২৮ মে’: বিটিআৰ (বডোলেণ্ড টেৰিট’ৰিয়েল ৰিজিয়ন)-ৰ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক বিজেপিয়ে স্পষ্টভাৱে ঘোষণা কৰিছে যে তেওঁলোকে ৪০টা পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই কথা ওদালগুৰিত এখন দলীয় কাৰ্যসূচীত ঘোষণা কৰে অসমৰ বিজেপি সভাপতি দিলীপ শইকীয়াই। তেওঁ স্পষ্ট ভাষাত কয়, “নিৰ্বাচনক লৈ বিজেপিয়ে কোনো ধৰণৰ কম্প্ৰ’মাইজ নকৰে। সংগঠন মজবুত আৰু জন-আস্থা বিজেপিৰ পক্ষে আছে।”

 

বিটিআৰৰ ভিতৰত দলীয় তৎপৰতাৰ লগতে, সাংসদ দিলীপ শইকীয়া আৰু ৰাজ্যিক স্বাস্থ্য তথা পৰিৱহণ মন্ত্ৰী পীযূষ হাজৰিকাই অংশ গ্ৰহণ কৰে ডিএলএমচি (DLMCH)-ৰ বৈঠকত। ইয়াৰ উপৰিও, ওদালগুৰিত চিলাৰায় ভৱনৰ আধাৰশিলা স্থাপন কাৰ্যসূচীতো অংশ গ্ৰহণ কৰে দুয়ো নেতৃত্বই।

 

কাৰ্যসূচীত মন্ত্ৰী পীযূষ হাজৰিকাই কয়, “বিটিআৰৰ উন্নয়নৰ বাবে বিজেপি প্ৰতিশ্ৰুতিবদ্ধ। সমগ্ৰ অঞ্চলটোত উন্নয়ন, শিক্ষা, স্বাস্থ্য আৰু যুৱকৰ কল্যাণৰ বাবে একগোট হৈ কাম কৰি আছো।”

 

এই ঘোষণাই বিটিআৰত ৰাজনৈতিক উত্তাপ বৃদ্ধি কৰাৰ লগতে আগন্তুক নিৰ্বাচনত বিজেপি একক শক্তিৰে পৰীক্ষামূলকভাৱে সোমাব বুলি স্পষ্ট কৰে।

 

বিটিআৰৰ পৰা বিজেপি তথা অন্যান্য দলসমূহৰ আগন্তুক পদক্ষেপ আৰু জোটৰ সমীকৰণ বৰ্তমান চমু সময়তে স্পষ্ট হ’ব।

 

Exit mobile version