
বিটিআৰত বিজেপিৰ গণিত দেখুৱালে ৰঞ্জিত দাস
বড়োলেণ্ডৰ ৰাজনৈতিক সমীকৰণৰ মাজত বিজেপিৰ শক্তি বৃদ্ধিৰ কথা প্ৰকাশ কৰিলে দলটোৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ৰঞ্জিত দাসে। উদালগুৰিত আয়োজিত এটা দলীয় সম্বোধনত সভাত অংশগ্ৰহণ কৰি তেওঁ মন্তব্য কৰে—
👉 “২০১৫ চনত বিটিআৰত মাত্ৰ এখন আসন আমাৰ আছিল, ২০২০ চনত ৯খন আসনলৈ বৃদ্ধি পাইছিল। আৰু ২০২৫ত এই সংখ্যা ১৮খনলৈ বৃদ্ধি হব।”
তেওঁ স্পষ্টভাৱে কয় যে বিজেপি বিটিআৰ খণ্ডত দিন দিনে বেছি শক্তিশালী হৈ পৰিছে আৰু আগন্তুক নিৰ্বাচনত দলটোৱেই জনতাৰ একমাত্ৰ ভৰসা হ’ব।
ৰঞ্জিত দাসে অভিযোগ তোলে যে, বি.পি.এফ. (BPF) আৰু অন্যান্য আঞ্চলিক দলসমূহে বিটিআৰবাসীক বিভাজনৰ ৰাজনীতিৰে প্ৰভাৱিত কৰাৰ চেষ্টা কৰিছে। কিন্তু জনগণে আজি উন্নয়ন, শান্তি আৰু স্থিৰতাৰ পথ বাছি লৈছে আৰু সেই কাম কেৱল বিজেপিয়েই প্ৰদান কৰিব পাৰে বুলি তেওঁ দাবী কৰে।
সভাত দাসে লগতে উল্লেখ কৰে যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যজুৰি যি ধৰণে উন্নয়নমূলক কাম-কাজ আৰু কল্যাণমূলক আঁচনিৰ জোৱাৰ আহিছে, বিটিআৰেও তাৰ পৰা সমানভাৱে লাভ পাইছে।
তেওঁ আহ্বান জনায়, ২০২৫ৰ নিৰ্বাচনত বিটিআৰৰ সকলো অঞ্চলৰ ভোটাৰই বিজেপিক সমৰ্থন জনাই অঞ্চলটোক আগবঢ়োৱা উচিত।