বিটিআৰত আৰম্ভ হৈছে দুঃসাহসিক ক্ৰীড়া ৰাফ্টিং আৰু মটৰ ৰাইড চেম্পিয়নশ্বিপ

Telegram

বিটিআৰত আৰম্ভ হৈছে দুঃসাহসিক ক্ৰীড়া ৰাফ্টিং আৰু মটৰ ৰাইড চেম্পিয়নশ্বিপ

 

গোৰেশ্বৰ-২নৱেম্বৰঃ

 

বিটিআৰত আৰম্ভ হৈছে দুঃসাহসিক ক্ৰীড়া ৰাফ্টিং আৰু মটৰ ৰাইড চেম্পিয়নশ্বিপ।

তিনিদিনীয়া কাৰ্যসূচীৰে বগামাটিত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা। গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰ উদ্যোগত অসম তথা বিটিচিৰ পৰ্যটন বিভাগৰ সহযোগিতাত চতুৰ্থ বাৰৰ বাবে আয়োজিত হৈছে এই দঃসাহসিক প্ৰতিযোগিতা। পৰ্যটন উদ্যোগটোক আগবঢ়াই নিবৰ বাবে ভাৰত ভূটান সীমান্তৰ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যস্থলী বগামাটিত আয়োজিত এই প্ৰতিযোগিতাত ভাগ লৈছে কেবাখনো ৰাজ্যৰ প্ৰতিযোগীয়ে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হয় হাতী-মানুহৰ সংঘাট সন্দৰ্ভত এখনি সজাগতা মূলক সভা। সভাত স্থানীয় জিলা বন বিষয়াৰ লগতে কেৰেলাৰ দুগৰাকী হাতী-মানুহৰ সংঘাট বিষয়ৰ বিশেষজ্ঞই অংশগ্ৰহণ কৰে। উল্লেখ্য যে ১ নবেম্বৰৰ পৰা আৰম্ভ হোৱা বৰনদী ৰাইডাইৰ্চ মীট উপলক্ষে আজি দঃসাহসিক ক্ৰীড়া ৰাফ্টি আৰু কাইলৈ বাইক ৰাইড অনুষ্ঠিত হ’ব বুলি উদ্যোক্তা সকলে জানিব দিয়ে। ইয়াৰোপৰি প্ৰতিযোগিতাৰ অন্তত এখনি বটা বিতৰণী সভা অনুষ্ঠিত হ’ব সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো , পৰ্যটন তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ,বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসকে ধৰি কেবজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ।

  • Related Posts

    তামুলপুৰত তৃতীয় বাৰ্ষিক চুপাৰ ডিভিজন আন্তঃ ক্লাৱ ফুটবল লীগ আৰম্ভঃ

    Telegram

    TelegramTweetতামুলপুৰত তৃতীয় বাৰ্ষিক চুপাৰ ডিভিজন আন্তঃ ক্লাৱ ফুটবল লীগ আৰম্ভঃ   তামুলপুৰ,২০ জুলাইঃ   তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে তৃতীয় বাৰ্ষিক…

    BCCI এ ২০২৩–২৪ আৰ্থিক বছৰত অৰ্জন কৰা সম্পূৰ্ণ উপাৰ্জন দাঁড়ায় ₹9,741.7 কোটি, যাৰ ≈59% অংশ আয় হৈছিল IPL-ৰ মাধ্যমে (~₹5,761 কোটি) ।

    Telegram

    TelegramTweetBCCI এ ২০২৩–২৪ আৰ্থিক বছৰত অৰ্জন কৰা সম্পূৰ্ণ উপাৰ্জন দাঁড়ায় ₹9,741.7 কোটি, যাৰ ≈59% অংশ আয় হৈছিল IPL-ৰ মাধ্যমে (~₹5,761 কোটি) ।     📊 আয়ৰ အေাৱৰণ:   সৰ্বমুঠ উপাৰ্জন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *