BTR NEWS

বিটিআৰত অসম গণ পৰিষদৰ সাংগঠনিক অভিযান। আজি নাগ্রীজ্বলিত কর্মীসভা –

Telegram

বিটিআৰত অসম গণ পৰিষদৰ সাংগঠনিক অভিযান।

আজি নাগ্রীজ্বলিত কর্মীসভা –

 

বিটিআৰত ক্ষমতাৰ অংশীদাৰ আমাৰ মূল লক্ষ্য – কৃষক নেতা পৰেশ চন্দ্ৰ বৈশ্য।

 

নাগ্ৰীজুলি, ২৩ জুন-

 

অসম গণ পৰিষদে কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মর্মে বিটিআৰৰ ১০ টা পৰিষদীয় সমষ্টিত নির্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰি বি.টি.আৰ. অঞ্চলত তৃণমূল পৰ্যায়ৰ পৰা দলক শক্তিশালী কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি লৈছে। ইতিমধ্যে পাঁচনৈ চেৰফাং, মুদৈবড়ী, ধনশ্রী, নাগ্রীজুলি, মঠনগুৰি, থুৰিবাৰী, বাওঁখুংগুৰি, গোৰেশ্বৰ, শ্ৰীৰামপুৰ, চালাকাটি, বাগানপাৰা আদি সমষ্টিত নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে অগপই। অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তই গঠন কৰি দিয়া নির্বাচনী সমিতিয়ে বিশেষ তৎপৰতাৰে সকলো বুথ সমিতি, ভিচিডিচি বা আঞ্চলিক সমিতি গঠন কৰাৰ নিৰ্দেশ দিছে আৰু পৰিষদীয় সমষ্টিৰ ভিত্তিত আহ্বায়ক সমিতি গঠন কৰি দিয়া হৈছে। অসম গণ পৰিষদৰ লক্ষ্য হৈছে পূৰ্বৰ সাংগঠনিক ক্ষমতা ঘূৰাই আনি বিটিআৰ. পৰিষদীয় নির্বাচনত অংশ গ্ৰহণৰ যোগেদি ক্ষমতাৰ অংশীদাৰ হোৱা। মুখ্য উদ্দেশ্য হৈছে বিটিআৰ.ত থকা সকলো জনগোষ্ঠীৰ সম অধিকাৰ, সম মর্যাদা, সম উন্নয়ন আৰু সমন্বয়ৰ যোগেদি জনগণক ক্ষমতা প্রদান কৰা। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা পোৱা বিটিআৰ. চুক্তিৰ বাকী থকা দফা সমূহ যাতে ক্ষীপ্ৰতাৰে ৰূপায়ন কৰিব পৰা যায় তাৰ প্ৰতি বিহীত ব্যৱস্থা গ্রহণ কৰিব অসম গণ পৰিষদে। অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ কেন্দ্রীয় সভাপতি তথা বি.টি.আৰ. নিৰ্বাচন কৰ্ণধাৰ কমিটিৰ আহ্বায়ক পৰেশ চন্দ্ৰ বৈশ্যই আজি নাগ্ৰীজুলিত এইদৰে কয়। তেওঁ পুনৰ কয় যে বড়ো সকলে দীর্ঘদিন ধৰি তেখেত সকলৰ আত্মনিয়ন্ত্রণৰ অধিকাৰ আজুৰি আনিবলৈ দীর্ঘদিন সংগ্রাম কৰিছিল। একেদৰে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সপোন বাস্তৱত ৰূপায়ন কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছিল। আজি বড়ো ভূমিত শান্তি বিৰাজ কৰিছে, উন্নয়নৰ বাট প্রশস্ত হৈছে। ইয়াৰ বাবে অসম গণ পৰিষদে সন্মান জনাই আহিছে আৰু সহযোগিতা পূৰ্বৰ পৰাই অব্যাহত ৰাখিছে; ভৱিষ্যতেও এইক্ষেত্রত সহযোগ কৰিব। বড়োভূমিত আঞ্চলিক দল হিচাপে অসম গণ পৰিষদে ১৯৮৫ চনৰ পৰাই সকলো জনগোষ্ঠীৰ সম অধিকাৰ ৰক্ষা কৰি শান্তি, উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আহিছে। সকলো জনগোষ্ঠীক সম মৰ্যদা প্রদান কৰি অগপ দলে প্রয়াত থানেশ্বৰ বড়ো, দূর্গা দাস বড়ো, ৰেখাৰাণী দাস বড়ো, ৰাজেন মুছাহাৰীক বিধান সভাৰ মজিয়ালৈ নিৰ্বাচিত কৰি মন্ত্ৰী সভাত গুৰুত্বপূৰ্ণ দপ্তৰ প্ৰদান কৰি বড়ো ভূমিৰ সেৱা কৰাৰ সুবিধা কৰি দিছিল। একেদৰে ভৱেন নাৰ্জী, সুৰেন স্বর্গীয়াৰী, বলেন্দ্ৰ মুছাহাৰীকে ধৰি কেইবাজনো বিধায়ক অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল আৰু জনগণৰ সেৱা কৰিছিল। উল্লেখ থাকিল যে মুদৈবড়ী সমষ্টিৰ পৰা পাৰিষদ হিচাপে নির্বাচিত হৈ প্রয়াত কেশৱ ডেকাই জনগণৰ সেৱা আগবঢ়াইছিল। সেই সময়ৰ তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বড়ো সকলক সামাজিক নিৰাপত্তা প্ৰদান কৰাৰ উপৰিও সকলো জনগোষ্ঠীক সম অধিকাৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰিছিল। অসম গণ পৰিষদে ঐক্য, শান্তি, প্ৰগতিৰ জড়িয়তে বড়ো সকলৰ আত্ম নিয়ন্ত্ৰণৰ অধিকাৰৰ লগতে সকলো জনগোষ্ঠীৰ সম অধিকাৰ, সম মৰ্যাদা ৰক্ষা কৰি আঞ্চলিকতাবাদৰ ভেটি বড়োভূমিত পুনৰ প্ৰতিষ্ঠা কৰাৰ অংগীকাৰ গ্ৰহণ কৰিছে। বি.টি.আৰ. নিৰ্বাচন কৰ্ণধাৰ কমিটিৰ আহ্বায়ক পৰেশ চন্দ্ৰ বৈশ্যই পুনৰ দোহাৰে যে হিংসাৰ অৱসান হওঁক, শান্তি আৰু উন্নয়নৰ ধাৰা অব্যাহত থাকক, সমন্বয়ৰ বাৰ্তা বি.টি.আৰ. মডেল হিচাপে অসমৰ ৰাইজলৈ যাতে বাৰ্তা দিব পাৰে তাৰ ওপৰত আমি আমাৰ আদৰ্শ অব্যাহত ৰাখিম।

Exit mobile version