বিজনীৰ আমগুৰীত ৰাধা-কৃষ্ণৰ মূৰ্তি উদ্ধাৰ, ৰাইজৰ মাজত কৌতূহল আৰু ৰহস্য

  • Current
  • January 9, 2025
  • 0 Comments
Telegram

বিজনীৰ আমগুৰীত ৰাধা-কৃষ্ণৰ মূৰ্তি উদ্ধাৰ, ৰাইজৰ মাজত কৌতূহল আৰু ৰহস্য

 

আমগুৰীস্থিত কানামাক্ৰা নৈত এক অদ্ভুত ঘটনা সংঘটিত হৈছে। সোমবাৰে দুপৰীয়া নৈখনত বালি খান্দি থকা অৱস্থাত ফকলেণ্ডৰ চালক জাকিৰ হুছেইনে মাৰ্বল পাথৰৰ দ্বাৰা নিৰ্মিত ৰাধা-কৃষ্ণৰ মূৰ্তি দুটা উদ্ধাৰ কৰে। মূৰ্তিসমূহ নৈখনৰ প্ৰায় ১২ ফুট তলৰ পৰা উলিয়াই আনে।

 

মূৰ্তি উদ্ধাৰৰ খবৰ ৰাইজৰ মাজত বিয়পি পৰাৰ লগে লগে স্থানীয় হিন্দু লোকৰ মাজত তীব্ৰ কৌতূহল আৰু আস্থাৰ সৃষ্টি হয়। স্থানীয় ৰাইজ উপস্থিত হৈ মূৰ্তি দুটাক উদ্ধাৰ কৰি প্ৰশান্ত দেৱনাথৰ ঘৰত লৈ যায়। তাত ৰাইজে এক মন্দিৰ সাজি মূৰ্তি দুটাক পূজা অৰ্চনা কৰাৰ সিদ্ধান্ত লৈছে।

 

এই ঘটনাই অঞ্চলটোত এক ৰহস্যময় পৰিৱেশৰ সৃষ্টি কৰিছে। বহু লোক মূৰ্তি দুটা এবাৰ প্ৰত্যক্ষ কৰিবলৈ পৰ্যাপ্ত হৈছে। স্থানীয় ৰাইজে পূজা আৰম্ভ কৰাৰ লগতে মূৰ্তি উদ্ধাৰৰ এই ঘটনাক লৈ বিভিন্ন ৰহস্যময় তৰ্ক-বিতৰ্কত ব্ৰতী হৈছে।

 

ঘটনা সংবাদ মাধ্যমত প্ৰচাৰিত হোৱাৰ পিছত বৃহৎ পৰিমাণে লোক মূৰ্তি দুটাৰ সন্ধানত আমগুৰীত উপস্থিত হৈছে। এই উদ্ধাৰ হোৱা মূৰ্তি দুটা কি প্ৰাচীন কোনো মন্দিৰৰ অংশ নে আন কোনো কাৰণত নৈখনত পৰি আছিল, সেই বিষয়ে এতিয়াও কোনো নিশ্চিত তথ্য পোৱা হোৱা নাই।

 

  • Related Posts

    • Current
    • June 20, 2025
    • 9 views
    • 1 minute Read
    গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান

    Telegram

    TelegramTweet📡 গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান   আজিৰে দিনটো গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ বাবে বিশেষ হিচাপে চিহ্নিত হৈ ৰ’ল। বাতৰি বিভাগৰ নতুন নিযুক্ত সংবাদদাতাসকলৰ বাবে আয়োজন কৰা হৈছিল…

    • Current
    • June 20, 2025
    • 6 views
    • 1 minute Read
    তামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক।

    Telegram

    TelegramTweetতামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক। পত্নীক হত্যা কৰি ৰক্তপান কৰিলে নৰাধম স্বামী বিকাশ বিশ্বাসে।   তামুলপুৰ ২০ জুন :   তামুলপুৰ জিলাৰ আঙাৰকাটাৰ শান্তিপুৰত আজি এক লোমহৰ্ষক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *