বিগত ২৬ বছৰে কেকেৰীকূছিত উদযাপন কৰা নাই ভোগালীৰ আনন্দ উল্লাস৷  

Telegram

বিগত ২৬ বছৰে কেকেৰীকূছিত উদযাপন কৰা নাই ভোগালীৰ আনন্দ উল্লাস৷

 

১৯৯৮ ৰ ১৩ জানুৱাৰীৰ অভিশপ্ত নিশা আততায়ীৰ গুলিত কেকেৰিকুছীত প্ৰান গৈছিল ১৭ জন লোকৰ।

 

যি সময়ত ৰাজ্যৰ চৌদিশে হেপাহৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে সেই সময়তে এক ব্যতিক্ৰমী পৰিবেশ দেখা গৈছে তামুলপুৰ জিলাৰ অন্তৰ্গত কেকৰীকুছী গাওঁত ৷ বিগত ২৬ বছৰ ধৰি গাঁও খনত উদযাপন কৰা হোৱা নাই ভোগালী বিহু ৷ কিয়নো ১৯৯৮ চনৰ ১৩ জানুৱাৰীৰ উৰুকাৰ নিশা গাও খনত সংঘটিত হৈছিল এক নাৰকীয় হত্যাকাণ্ড ৷ উক্ত নিশা উৰুকাৰ ভোজ ভাতৰ আয়োজন চলি থাকোতেই গাঁও খনত অজ্ঞাত আততায়ীয়ে প্ৰবেশ কৰি নিৰ্বিচাৰ গুলী চালনা কৰাত গাঁওখনৰ ৫ টাকৈ পৰিয়ালৰ শিশু-মহিলা, বৃদ্ধ সহ ১৭ গৰাকীকৈ লোক প্ৰান হেৰুৱাব লগা হৈছিল ৷ জুহালত, চোতালত, পদূলিত, অ’ত ত’ত সিচৰতি হৈ পৰি আছিল ১৭ গৰাকী নিৰীহৰ মৃতদেহ ৷ সেই দিন ধৰি আজিলৈকে কেকেৰীকুছী গাঁওৰ ৰাইজে পালন কৰা নাই ভোগালী বিহু ৷ গাঁও খনৰ বৰ্তমানৰ প্ৰজন্মই নাজানে ভোগালীৰ মানে কি ৷ ভোগালী বিহুত খায় পোৱা নাই পিঠা-লাৰু ৷ পথাৰত দেখা নাই ভেলাঘৰ, মেজী ৷ গাঁও খনৰ বয়োজেষ্ঠ সকলৰ মনৰ পৰা আজিও আতৰা নাই সেই ভয়াবহ নিশাৰ আতংক ৷ বিগত ২৬ বছৰ ধৰি উৰুকাৰ নিশা আততায়ীৰ হাতত নিহত লোক কেইজনৰ আত্মাৰ সদগতি কামনা কৰি সমাধিত চাকি বন্তি জ্বলাই উপবাসে থাকি ৰাইজে উজাগৰি নিশা পাৰ কৰে ৷

 

বিগত ২৬ বছৰ ধৰি ভোগালীৰ উৎসাহ, আনন্দ আৰু মেজীৰ জুইৰ উত্তাপক বিসৰ্বজন দি আহিছে কেকেৰিকুছি গাঁওৰ ৰাইজে।

 

উল্লেখ্য যে উক্ত দিনা কেকেৰীকুছিত একেটি পৰিয়ালতে মৃত্যু হৈছিল ৮ গৰাকী সদস্য। অতিনিৰ্মম, নিষ্ঠুৰ কাহানীও ভাৱিৱ নোৱাৰা এই ঘটনাই প্ৰতিটো উৰুকাতে বেদনা সিক্ত কৰি তোলে পৰিয়ালকেইটাক ৷ ২৭ বছৰত ভৰি দিয়া সেই লোমহৰ্ষক হত্যা কাণ্ড এক ক’লা অধ্যায় হিচাপে চিহ্নিত হৈছে কেকেৰিকুছি গাঁওত। ভৱিষ্যত প্ৰজন্মৰ বাবেও ভোগালী এক সাঁথৰ হিচাপে চিহ্নিত হব কেকেৰিকুছি গাঁওত ।

  • Related Posts

    চালক বিহীন ই ৰিক্সা পৰিল পানীত।

    Telegram

    TelegramTweetচালক বিহীন ই ৰিক্সা পৰিল পানীত।   প্ৰতিদিন বিশেষ সেৱা, নাগ্ৰীজুলি, ১৯ জুন-   তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত আজি দিনৰ ভাগত এখন চালক বিহীন ই ৰিক্সা পানীত পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি…

    অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজন

    Telegram

    TelegramTweetঅসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজন ================================ , তামুলপুৰ ১৯ জুন ::   অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত আৰু তামুলপুৰ মহকুমা ৰঙালী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *