
জন্মদিনৰ বাবে পুৰী বিলত বিৰাট বালি কলা।
ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ জন্মদিন উপলক্ষে ওড়িশাৰ পুৰী বিলত Happy birthday Virat বাৰ্তাসহ বালিৰ ভাস্কৰ্য নিৰ্মাণ কৰিছে বিখ্যাত বালি শিল্পী সুদৰ্শন পট্টনাইকে।
Source: Social media
ইয়াৰ ওপৰত প্ৰায় ৪ টন বালি ব্যৱহাৰ কৰি বিৰাট কোহলীৰ ৫ফুট উচ্চতাৰ বালিৰ ভাস্কৰ্য নিৰ্মাণ কৰিছে পাটনাইকে। তেওঁৰ বালি শিল্প প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে হাত মিলাই ভাস্কৰ্য্যটো সম্পূৰ্ণ কৰে।
এই পৰ্যন্ত পদ্ম বঁটা বিজয়ী শিল্পী সুদৰ্শনে বিশ্বৰ ৬৫ টাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় বালি ভাস্কৰ্য্য চেম্পিয়নশ্বিপ আৰু উৎসৱত অংশগ্ৰহণ কৰি আমাৰ দেশৰ বাবে বহু পুৰস্কাৰ লাভ কৰিছে। তেওঁ সদায় এইচ আই ভি/এইডছ, ক’ভিড১৯, গ্ল’বেল ৱাৰ্মিং, সন্ত্ৰাসবাদ বন্ধ কৰক, প্লাষ্টিক প্ৰদূষণক পৰাস্ত কৰক, পৰিৱেশ ৰক্ষা কৰা আদিৰ দৰে বালিৰ শিল্পৰ জৰিয়তে সজাগতাৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ চেষ্টা কৰে।