
বানপানীৰ মাজতো আশাৰ পোহৰ: সাহায্য শিবিৰত সমাজ সচেতনতাৰ এক অনন্য পদক্ষেপ
কাছাৰ জিলাৰ বিস্তীর্ণ অঞ্চল বৰ্তমান ভয়ংকৰ বানপানীৰ কবলত। চাৰিওফালে পানী বৈ আছে, বহু অঞ্চল সম্পূৰ্ণভাবে বিচ্ছিন্ন হৈ পৰিছে। ইপিনে, বহু বানভাসিয়ে বিভিন্ন সাহায্য শিবিৰত আশ্ৰয় লৈছে। তেনে এটা সাহায্য শিবিৰত, শিলচৰৰ কেন্দ্ৰীয় বিদ্যালয়ত আশ্ৰয় লৈ থকা বানভাসীসকলৰ সন্ধিয়া যেন সঁচাকৈয়ে বেলেগ ধৰণে কটাইছে।
দিনটোৰ বেছি সময়েই জীৱনৰ দৈনন্দিন সমস্যাসমূহৰে ভৰপূৰ থাকে। কিন্তু সন্ধিয়া নামেৰে যেতিয়া নিশাৰ অন্ধকাৰ আহি পৰে, তেতিয়া সৰু-ডাঙৰ, বৃদ্ধ-বৃদ্ধা সকলোৰে মনত বিৰক্তি আৰু হতাশা বাস কৰা দেখা যায়। সেই কথা মনত ৰাখি সমাজকৰ্মী ৰাজেশ দাসে আগবাঢ়ি আহে এটা ব্যতিক্ৰমী চিন্তাৰে।
ৰাজেশ দাসৰ নেতৃত্বত সেই শিবিৰত গঢ়ি তোলা হৈছে এক নতুন পৰিৱেশ। কেতিয়াবা প্ৰজেক্টৰৰ জৰিয়তে ৰামায়ণ, কেতিয়াবা মহাভাৰত, জয় হনুমানৰ দৰে ধৰ্মীয় গাথা, কেতিয়াবা শিশুসকলৰ বাবে কাচিকাছাৰ কাৰ্টুন, আৰু কেতিয়াবা পাহেলগাম কাণ্ড, অপাৰেচন সিন্দুৰ আদিৰ দৰে সচেতনতামূলক দৃশ্য দেখুওৱা হৈছে। সমাজৰ প্ৰতি দায়বদ্ধতা আৰু নৈতিক মূল্যবোধ গঢ়ি তোলাৰ উদ্দেশ্যে ই হৈছে এক অনন্য পদক্ষেপ।
এই প্ৰচেষ্টাত স্থানীয় আন আন সমাজকৰ্মীসকলেও আগবাঢ়িছে। লক্ষ্য মাত্ৰ এটাই – বানভাসীসকলৰ দুঃখ-কষ্টৰ মাজতো এটা আশাৰ পোহৰ জ্বলাই ৰখা। বিশেষকৈ উদীয়মান যুৱক-যুৱতীসকলৰ মাজত কলা, সংস্কৃতি, ধৰ্ম আৰু নৈতিক মূল্যবোধৰ প্ৰচাৰৰ সৈতে এটা সুস্থ সমাজ গঠনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
এনে এক চিন্তাশীল আৰু উদ্ভাৱনী প্ৰচেষ্টা সমাজত অপৰাধ হ্ৰাসত সহায় হ’ব বুলি আশা কৰা হৈছে। সংকটৰ সময়তো সদিচ্ছা আৰু সজাগতাই যেন সমাজক আগুৱাই নিয়া নতুন পথ দেখুৱাব পাৰে – এই শিবিৰ তাৰ এক উজ্জ্বল উদাহৰণ।