বাক্সাৰ দিহিৰাত ৰাইজৰ দলৰ প্ৰচাৰসভাত অখিল গগৈ

Telegram

বাক্সাৰ দিহিৰাত ৰাইজৰ দলৰ প্ৰচাৰসভাত অখিল গগৈ

 

বাক্সা, ১৮ ছেপ্টেম্বৰঃ বাক্সা জিলাৰ দিহিৰা পৰিষদীয় সমষ্টিত ৰাইজৰ দলৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি দলৰ সভাপতি অখিল গগৈয়ে একাধিক মন্তব্য কৰে। দিহিৰা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অশ্বিনী দাসৰ সমৰ্থনত অনুষ্ঠিত এই সভাত গগৈয়ে BTAD–BTC অঞ্চলৰ ৰাজনীতি, ভূমি অধিকাৰ, শিক্ষা আদি বিষয়ে স্পষ্ট ভাষাত বক্তব্য ৰাখে।

 

অখিল গগৈয়ে সভাত কৈ যায়— “বিটিচি আৰু বিটিআৰ চুক্তি কার্যকৰী কৰাৰ বাবে প্ৰথম মাত মাতিব ৰাইজৰ দলে। জয়ী হ’লে পুনৰ বড়ো গাঁও অন্তৰ্ভুক্ত কৰি অবড়ো গাঁওসমূহ কৰ্তন কৰা হ’ব।”

 

তেওঁই বর্মাত স্থাপন হ’বলগীয়া কেন্দ্ৰীয় বিশ্ববিদ্যালয় এতিয়ালৈ স্থাপিত নহোৱাত চৰকাৰক দোষাৰোপ কৰি দাবী উত্থাপন কৰে। লগতে বিটিচিৰ ৪০টা আসনৰ সংখ্যা ৬০লৈ বৃদ্ধিৰো দাবী তোলে।

 

গগৈয়ে অভিযোগ কৰে যে বিটিএডি এলেকাত অবড়ো ৰাইজৰ ভূমি অধিকাৰ ব্যাপক হাৰে কৰ্তন হৈছে। “মাটি কিনা-বেচা নোৱাৰাৰ ফলত অনাবড়ো ৰাইজ বৰঙণীয়া সমস্যাত পৰিছে। প্ৰমোদ বড়োৰ দিনতে অধিকাৰ সাংঘাতিকভাৱে কঢ়িয়াই লোৱা হৈছিল। মানুহে ভয়ে-শংকাত জীৱন যাপন কৰিবলগীয়া হৈছে,” বুলি তেওঁ মন্তব্য কৰে।

 

তেওঁৰ মতে, কংগ্ৰেছ বা বিজেপিৰ হাতত ক্ষমতা গ’লে পুনৰ বিটিচি অশান্ত হ’ব। সেই বাবে আঞ্চলিক দলক ভোট দিবলৈ আহ্বান জনায়। গগৈয়ে স্পষ্টভাৱে কয়— “বিজেপিক ভোট দিয়া মানে নিজৰ ভৰিত কুঠাৰ মৰা।”

 

সভাত তেওঁ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পদত্যাগক দেশৰ খবৰ ভাল হোৱাৰ এক পথ বুলি মন্তব্য কৰে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰিও আক্রমণ কৰি কয় যে, “হিমন্ত বিশ্ব শৰ্মা কোকৰাঝাৰৰ ক্ষমতা দিল্লীলৈ লৈ গৈ দিশপুৰত নিয়ন্ত্ৰণ কৰিব খুজিছে। এই কাৰণে বিটিচিৰ ক্ষমতা কোকৰাঝাৰৰ পৰা নিয়ন্ত্ৰণ হ’ব লাগে।”

 

শেষত গগৈয়ে কয়, বিজেপিক হেৰুৱাবলৈ ৰাইজৰ দলে কংগ্ৰেছক বিচাৰি আছে, যদিও কংগ্ৰেছ দলৰ পৰা সমান সঁহাৰি পোৱা হোৱা নাই।

  • Related Posts

    মুশলপুৰত কংগ্ৰেছক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

    Telegram

    TelegramTweetমুছলপুৰত কংগ্ৰেছক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ   বাক্সাঃ বাক্সাৰ সুৱনখাটাত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছ দলৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে।   তেওঁ…

    নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা :

    Telegram

    TelegramTweetনাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা : তামুলপুৰ , ১৬ ছেপ্টেম্বৰ : অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *