বাংলেদশত সংখ্যালঘূ হিন্দুৰ ওপৰত অত্যাচাৰ
নাগ্ৰীজূলিত হিন্দু সমাজৰ ম: ইউনিছৰ প্ৰতিকৃতি দাহ
তামুলপুৰ ৫ ডিচেম্বৰ-
বাংলাদেশত সংখ্যালঘু সনাতনী হিন্দু সকলৰ ওপৰত হৈ থকা বৰ্বৰ আক্ৰমণ আৰু অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে আজি সন্ধিয়া তামুলপুৰ জিলাৰ নাগ্ৰীজূলিৰ কোম্পানী চ’কত বৃহত্তৰ নাগ্ৰীজূলি হিন্দু সমাজে বাংলাদেশৰ অন্তবৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনিছৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ বন্ধ কৰক, সংখ্যা লঘু হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, হিন্দুৰ সুৰক্ষা নিশ্চিত কৰক, বাংলাদেশৰ হিন্দুৰ মানৱ অধিকাৰ সুৰক্ষিত কৰক, হিন্দুৰ ওপৰত ধৰ্মীয় হিংসা সহ্য কৰা নহব,বাংলাদেশ চৰকাৰ হায় হায়, বাংলাদেশ চৰকাৰ হুছিয়াৰ, মহম্মদ ইউনিচ হায় হায়, হিন্দু হিন্দু ভাই ভাই আদি শ্ল’গানৰে পৰিবেশ উত্তাল কৰি তোলে ৷