
বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধৰ দাবীত কুমাৰীকাটাত প্ৰতিবাদী সমদল
বাংলাদেশত চলি থকা হিন্দু সম্প্রদায়ৰ ওপৰত হোৱা অত্যাচাৰ আৰু ধ্বংসযজ্ঞৰ বিরুদ্ধে আজি তামুলপুৰ জিলাৰ কুমাৰীকাটাত সদৌ বি.টি.আৰ. বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনে প্ৰতিবাদী সমদলৰ আয়োজন কৰে।
“ধৰ্মীয় সংখ্যালঘুৰ সুৰক্ষাৰ নিশ্চয়তা দিয়া হওক।”
“বাংলাদেশত হিন্দু নিধন বন্ধ কৰা হওক।”
প্ৰতিবাদকাৰীৰ দল কুমাৰীকাটাৰ মুকলি পথত প্ৰতিবাদৰ সুৰেৰে পৰিৱেশ উত্তাল কৰে। সমদলত অংশগ্ৰহণ কৰা সকলে বাংলাদেশ চৰকাৰৰ ওপৰত আন্তর্জাতিক চাপ সৃষ্টি কৰিবলৈ ভাৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে।
সদৌ বি.টি.আৰ. বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ এক প্ৰতিনিধিয়ে কয়, “বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ ওপৰত হোৱা এই আক্রমণ কেৱল এখন দেশৰ সমস্যা নহয়; ই সম্প্ৰদায়িক সম্প্ৰীতিৰ ওপৰত হুমকি। আমাৰ ভাৰত চৰকাৰক আবেদন কৰিছো যাতে এই বিষয়ে বাংলাদেশৰ সৈতে তৎক্ষণাত কূটনৈতিক আলোচনা আৰম্ভ হয়।”
এই সমদলত বিভিন্ন স্তৰৰ মানুহে প্লে’কাৰ্ড, পতাকা, আৰু ব্যানাৰ লৈ অংশগ্ৰহণ কৰে। প্লে’কাৰ্ডসমূহত লেখা আছিল
“ধৰ্ম নিৰপেক্ষতাৰ অধিকারক সন্মান দিয়া হওক।”
“বাংলাদেশৰ হিন্দুসকলৰ জীৱন সুৰক্ষিত কৰক।”
সদৌ বি.টি.আৰ. বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনে বাংলাদেশত হিন্দু সম্প্রদায়ৰ ওপৰত হোৱা আঘাতৰ প্ৰতি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আৰু এই বিষয়ে আন্তর্জাতিক সমাজক সচেতন হোৱাৰ আহ্বান জনায়।
এতিয়া বাংলাদেশৰ এই সংকটৰ প্ৰতি আঞ্চলিক আৰু আন্তর্জাতিক নেতৃত্বৰ দৃষ্টি আকর্ষণ কিমান পৰ্যন্ত সফল হয়, সেয়া সময়েই ঠিক কৰিব।