
বহু BAR-RESTRO BAR এতিয়া আৰক্ষীৰ মূৰৰ কামোৰণি।
গুৱাহাটী মহানগৰীৰ বহু সংখ্যক বার-ৰেষ্টুৰেণ্টে চৰকাৰী নিৰ্দেশনা তথা আইন উলংঘা কৰি চলাই আহিছে নিজস্ব ব্যৱসায়। পুৱতি নিশালৈকে খোলা ৰাখে কিছুসংখ্যক বার, যি সম্পূৰ্ণভাৱে বেআইনী। তদুপৰি, কিছুমান স্থাপনাত সক্ৰিয় চিচিটিভি কেমেৰাৰ অভাৱত ৰাজহুৱা সুৰক্ষা নিয়মো উপেক্ষা কৰা হৈছে।
চৰকাৰী নিয়ম অনুসৰি নিশা ১০ বজাত বন্ধ হোৱাৰ নিয়ম থকা সত্ত্বেও কিছুমান বার-ৰেষ্টুৰেণ্টে গভীৰ নিশালৈকে খোলা ৰাখে। ইয়াৰ ফলত সুৰাৰ অপব্যৱহাৰ বৃদ্ধি পোৱাৰ লগতে নানা অপৰাধমূলক ঘটনাৰ সৃষ্টি হৈছে। ইয়াৰ বিপৰীতে, মহানগৰ আৰক্ষীয়ে আইন উলংঘা কৰা এই প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ অভিযান আৰম্ভ কৰিছে।
মহানগৰ আৰক্ষীৰ সূত্ৰ অনুসৰি,
সক্ৰিয় চিচিটিভি কেমেৰা থকা বাধ্যতামূলক
নিৰ্ধাৰিত সময়ৰ আগতেই বন্ধ কৰিব লাগিব বার-ৰেষ্টুৰেণ্ট
মদ পৰিবেশন আৰু খুচুৰা বিক্ৰীৰ ক্ষেত্ৰত অনুমতিৰ শর্ত মানি চলিব লাগিব।
আইন উলংঘা কৰাৰ অভিযোগত ইতিমধ্যে কিছুমান স্থাপনাত অভিযান চলোৱা হৈছে, আৰু আগন্তুক দিনত এই ধৰণৰ অভিযান অধিক তীব্ৰ হ’ব।