
বহিৰাগত ব্যৱসায়ীলৈ গাহৰিৰ বজাৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া
অসমত বহিৰাগত ব্যৱসায়ীৰ দ্বাৰা গাহৰিৰ বজাৰ দখল কৰা সন্দৰ্ভত অৱশেষত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই বিষয়ত তেওঁ স্পষ্ট কৰে যে, “এতিয়ালৈ মই এই বিষয়ে একো শুনা নাই। যি হ’লেও, আমি এই বিষয়ে তদন্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা ল’ম।”
এই সম্পৰ্কে মুখ্যমন্ত্ৰীৰ এই মন্তব্যই বিষয়টোক গুৰুত্বসহকাৰে পৰ্যালোচনা কৰাৰ সংকেত দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, স্থানীয় উদ্যোগক ৰক্ষা কৰাৰ লগতে সুৰক্ষিত পৰিৱেশ সৃষ্টিৰ দিশত চৰকাৰে সদা সচেষ্ট।
এই সন্দৰ্ভত চৰকাৰৰ তদন্ত আৰু পৰবর্তী ব্যৱস্থা কিদৰে অগ্ৰসৰ হয়, সেইদিশে এতিয়া সকলোৰে দৃষ্টি কেন্দ্ৰিত।