বসন্ত ৰোগ: বিয়পাৰ কাৰণ আৰু সংক্রমণৰ উপায়-জ্যেষ্ঠ চিকিৎসক ডাঃ প্ৰাণজিৎ প্ৰাণ বৰুৱাৰ।

Telegram

বসন্ত ৰোগ: বিয়পাৰ কাৰণ আৰু সংক্রমণৰ উপায়-জ্যেষ্ঠ চিকিৎসক ডাঃ প্ৰাণজিৎ প্ৰাণ বৰুৱাৰ।

 

বসন্ত ৰোগ (Chickenpox) হৈছে ভেৰিছেলা-জষ্টাৰ ভাইৰাছৰ দ্বাৰা সৃষ্ট এটা সংক্রমণজনিত ৰোগ। এই ৰোগ সাধাৰণতে শিশু আৰু কিশোৰ-কিশোৰীসকলৰ মাজত বেছি দেখা যায় যদিও যিকোনো বয়সৰ লোক এই ৰোগত আক্ৰান্ত হ’ব পাৰে। জ্যেষ্ঠ চিকিৎসক ডাঃ প্ৰাণজিৎ প্ৰাণ বৰুৱাৰ মতে, বসন্ত ৰোগৰ বিয়পাৰ প্ৰধান উপায়সমূহ ।

বায়ুবাহিত সংক্রমণ:

আক্রান্ত ব্যক্তিৰ পৰা সৰ্জিত হাঁচি বা কাশিৰ সময়ত ওলাই অহা ক্ষুদ্ৰ কণাৰ সৈতে এই ভাইৰাছ বায়ুৰ মাজেৰে অন্য ব্যক্তিৰ দেহলৈ প্ৰৱেশ কৰে।

চৰ্মৰ সংস্পৰ্শ:

আক্রান্ত ব্যক্তিৰ শৰীৰত ওলাই অহা ফোঁটাসমূহৰ সৈতে সংস্পৰ্শত আহিলে অন্য লোকৰ দেহলৈ ভাইৰাছ বিয়পিব পাৰে।

 

দেহৰ সৰ্জিত পদাৰ্থৰ সৈতে সংস্পৰ্শ:

আক্রান্ত ব্যক্তিৰ লালাৰস, ফোঁটাৰ ৰস, বা যিকোনো দেহৰ সৰ্জিত পদাৰ্থৰ সৈতে সংস্পৰ্শত আহিলেও বসন্তৰ সংক্রমণ হ’ব পাৰে।

 

সংস্পৰ্শত আহিলেও ৰোগ হ’ব পাৰে নেকি?

 

চিকিৎসক ডাঃ বৰুৱাই কৈছে যে সংস্পৰ্শত আহিলেই বসন্ত হ’ব বুলি নিশ্চয়তা নাই। কিছুমান বিশেষ পৰিস্থিতি ৰোগৰ প্ৰৱণতাক বৃদ্ধি কৰে, যেনেঃ

 

ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা কম থাকিলে

যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম, তেওঁলোকৰ দেহত ভাইৰাছ সঘনাই প্ৰৱেশ কৰিবলৈ সক্ষম হয়।

 

ভ্যাকচিন নলোৱাৰ ক্ষেত্ৰত

যিসকল লোকে ভেৰিছেলা ভ্যাকচিন নলয়, তেওঁলোকৰ বসন্তৰ সম্ভাৱনা অধিক।

 

ৰোগৰ সাৱধানতা আৰু প্ৰতিকাৰ

ভেৰিছেলা ভ্যাকচিন লোৱাই ৰোগৰ পৰা সুৰক্ষিত থাকিবৰ এক প্ৰধান উপায়।

আক্রান্ত ব্যক্তিৰ সৈতে দীৰ্ঘসময় ধৰি সংস্পৰ্শত নথাকিব।

ব্যক্তিগত পৰিষ্কাৰ-পরিচ্ছন্নতা মানি চলা।

হাঁচি-কাশি দিয়াৰ সময়ত মুখ আৱৰি ধৰা।

 

বসন্ত ৰোগ সচৰাচৰ গুৰুতৰ নহয়, কিন্তু কেতিয়াবা জটিলতাৰ সৃষ্টি কৰিব পাৰে। সেয়ে, উপসর্গ দেখা দিলেহে ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত।

 

  • Related Posts

    • Current
    • September 12, 2025
    • 3 views
    • 1 minute Read
    ডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

    Telegram

    TelegramTweetডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু   ডিগবৈৰ নাজিৰাটিং তামুলী বন গাঁৱত আজি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গাঁৱখনৰ বাসিন্দা মতেশ্বৰ মৰাণ নামৰ এজন ব্যক্তিৰ মৃত্যু হয় বনৰীয়া হাতীৰ আক্ৰমণত।  …

    • Current
    • September 12, 2025
    • 5 views
    • 1 minute Read
    চামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান

    Telegram

    TelegramTweetচামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান   চামগুৰি বিধানসভা সমষ্টিত কংগ্ৰেছ দলে বৰ্তমান গোপন রাজনৈতিক তৎপৰতাত মগ্ন। কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰাৰ্থী হিচাপে আগবঢ়োৱা কথাতেই তীব্ৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *