বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)ত থকা ১৬টাকৈ জাতীয় সংগঠনে আজি ইউনাইটেড পিপল’স পাৰ্টি লিবাৰেল (UPPL)ৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ মুখ্য বিষয় আছিল—বডোলেণ্ড পিপল’স ফ্ৰণ্ট (BPF)ৰ সৈতে সম্ভাব্য একত্ৰীকৰণ সম্পৰ্কে আলোচনা।
সংগঠনসমূহে এই আলোচনাৰ জৰিয়তে অঞ্চলৰ ৰাজনৈতিক স্থিতিশীলতা আৰু উন্নয়নৰ ক্ষেত্ৰত একমতিসূচক পথ নিৰ্ধাৰণৰ আশা প্ৰকাশ কৰে। যদিও BPFৰে সৰকাৰীভাৱে আলোচনাত বহিবলৈ ১৬ সংগঠনে ১২ আগষ্টলৈ অপেক্ষা কৰাৰ সিদ্ধান্ত লৈছে।
সূত্র মতে, এই সময়ছোৱাত দুয়োপক্ষীয় মতবিনিময়, সংগঠনগত সমন্বয় আৰু ভৱিষ্যৎ পথৰ দিশ নিৰ্ধাৰণৰ বাবে একাধিক বৈঠকৰ আয়োজন হ’ব। ১২ আগষ্টৰ পাছত BPFৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকে এই প্ৰচেষ্টাৰ ভৱিষ্যৎ স্পষ্ট কৰিব বুলি আশা কৰা হৈছে।