BTR NEWS

বঙাইগাঁৱৰ তালগুৰিত শোকাৱহ পথ দুর্ঘটনা: পিতৃ-কন্যাৰ থিতাতে মৃত্যু।

Telegram

বঙাইগাঁৱৰ তালগুৰিত শোকাৱহ পথ দুর্ঘটনা: পিতৃ-কন্যাৰ থিতাতে মৃত্যু

 

বঙাইগাঁৱৰ তালগুৰিৰ নিত্যবজাৰত আজি পুৱা এক শোকাৱহ পথ দুর্ঘটনা সংঘটিত হয়। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ঘটনাত থিতাতে মৃত্যু হয় পিতৃ নাছিৰ আহমেদ আৰু কন্যা শ্বাহনাজ আহমেদৰ।

 

নাছিৰ আহমেদ কন্যা শ্বাহনাজক বিদ্যালয়লৈ থবলৈ যোৱাৰ সময়তে এই মর্মান্তিক ঘটনা সংঘটিত হয়। জনা গৈছে যে বাছ, বাইক, আৰু এখন ট্রেভেলাৰৰ মাজত ভয়ংকৰ সংঘৰ্ষৰ ফলত ঘটনাস্থলতে দুয়োৰে প্ৰাণ হানি ঘটে।

 

প্ৰত্যক্ষদৰ্শীৰ মতে, উচ্চ গতিৰে আহি থকা এখন বাছৰ সৈতে ট্রেভেলাৰখনৰ ধাক্কা লাগে। ইয়াৰ পিছতে নাছিৰ আহমেদৰ বাইকখনৰ সৈতে সংঘৰ্ষৰ ফলত এই দুৰ্ভাগ্যজনক অৱস্থা সৃষ্টি হয়। ঘটনাৰ তীব্ৰতাত পিতৃ-কন্যাৰ ঘটনাস্থলতে মৃত্যু ঘটে।

 

দুৰ্ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে। স্থানীয় ৰাইজৰ মতে, ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংকীর্ণ পথ আৰু অধিক বেগৰ বাবে এনে ঘটনাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। ঘটনাস্থলত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে আৰু মৃতদেহবোৰ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিয়ায়।

 

এই ঘটনাই চৰকাৰ আৰু স্থানীয় প্ৰশাসনৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু সুৰক্ষামূলক ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ প্ৰতি পুনৰ অৱগত কৰিছে।

 

Exit mobile version