বঙাইগাঁওত সাংবাদিকক আক্ৰমণ,জাফাৰ গৰিহণা, দোষীক গ্ৰেপ্তাৰৰ দাবী 

  • Crime
  • January 20, 2025
  • 0 Comments
Telegram

বঙাইগাঁওত সাংবাদিকক আক্ৰমণ,জাফাৰ গৰিহণা, দোষীক গ্ৰেপ্তাৰৰ দাবী 

 

 

 

 

বঙাইগাঁও 20 জানুৱাৰী :

এক দূৰ্ঘটনা সংক্ৰান্তীয় বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা অৱস্থাত জাফাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি আফটাফ আলীক একাংশ লোকে বাতৰি সংগ্ৰহত বাধা দিয়াৰ লগতে শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা, মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়া আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে ।

এক বিবৃতিত জাফাৰ নেতৃবৃন্দই সাংবাদিক আক্ৰমণৰ ঘটনাত জড়িত সকলো ব্যক্তিক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায় ।

 

নিউ বঙাইগাঁওৰ বি.জি. কলনীত বাতৰি সংগ্ৰহৰ বাবে যাওঁতে

প্ৰথম খবৰ নামৰ নিউজ চেনেলৰ সাংবাদিক আফতাফ আলীৰ ওপৰত আজি হোৱা এই আক্ৰমণকৰ ঘটনা সন্দৰ্ভত জাফাৰ ফালৰ পৰা ইতিমধ্যে জিলাৰ আৰক্ষী অধীক্ষক গৰাকীক অবগত কৰা হৈছে আৰু দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনোৱা হৈছে ।

বিবৃতিটোত জাফাই স্পষ্ট কৰি দিয়ে যে – ৰাজ্যৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে সংঘটিত হৈ অহা সাংবাদিকক আক্ৰমণ তথা নিৰ্যাতনৰ ঘটনা সমুহে প্ৰশাসনৰ ফোপোলা স্বৰূপটোকে নগ্ন ৰূপত উদঙাই দিছে ।

সাংবাদিকৰ ওপৰত চলা এই আক্ৰমণৰ ঘটনাক কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি উল্লেখ কৰি জাফাৰ নেতৃত্বই

সাংবাদিকক সুৰক্ষা প্ৰদান কৰাৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে।

  • Related Posts

    • Crime
    • June 19, 2025
    • 6 views
    • 1 minute Read
    দুই কোটি তেইছ লাখ টকা আত্মস্যাতৰ অভিযোগ। নাগ্ৰীজুলি আৰক্ষীযে আটক কৰা দুই যুৱক যুৱতীক জেল হাজতলৈ প্ৰেৰণ। 

    Telegram

    TelegramTweetদুই কোটি তেইছ লাখ টকা আত্মস্যাতৰ অভিযোগ। নাগ্ৰীজুলি আৰক্ষীযে আটক কৰা দুই যুৱক যুৱতীক জেল হাজতলৈ প্ৰেৰণ।    নাগ্ৰীজুলি, ১৯ জুন-   সহজলভ্য ধনৰ লালসাত পৰি এচাম লোকে সৰ্বশ্ৰান্ত হোৱাৰ…

    • Crime
    • June 18, 2025
    • 6 views
    • 1 minute Read
    24वीं बटालियन सशस्त्र सीमा बल रंगिया ने जब्त की अवैध लकड़ी व आरा मशीन 

    Telegram

    TelegramTweet24वीं बटालियन सशस्त्र सीमा बल रंगिया ने जब्त की अवैध लकड़ी व आरा मशीन    (कुमारीकाटा, दिनांक-18.06.2025): 24वीं बटालियन सशस्त्र सीमा बल रंगिया (असम) की सीमा चौकी गाइडन चौक द्वारा…

    Leave a Reply

    Your email address will not be published. Required fields are marked *