BTR NEWS

বগাজুলিত বৈশাগুনি দানদিছে উদযাপন।  সাংস্কৃতিক সমাৰোহত অসমৰ বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী ।

Telegram

বগাজুলিত বৈশাগুনি দানদিছে উদযাপন।

সাংস্কৃতিক সমাৰোহত অসমৰ বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী ।

 

 

তামুলপুৰ জিলাৰ অন্তৰ্গত ভাৰত- ভূটান সীমান্ত বৰ্তি

বগাজুলি গণেশগুৰিৰ খেল পথাৰত আজি এদিনীয়া কাৰ্যসূচীৰে বহাগৰ এখন্তেক সাংস্কৃতিক সমাৰোহ ” বগাজুলিয়াও বৈশাগুনি দান্দিছে ” নামেৰে

ৰংজালী বৈশাগু উদযাপন কৰা হয়। বিটিচিৰ দৰঙাজুলি সমষ্টিৰ এমচিএলএ বিজিত গোৰা নাৰ্জাৰীৰ তত্বাৱধান আয়োজন কৰা ৰংজালী বৈশাগু উদযাপনত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী , ভূটানৰ ছামদ্ৰুপ ঝংকাৰ জিলাৰ বহু উচ্চপদস্থ বিষয়া, তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্তৰ দাস, তামুলপুৰ জিলা বিজেপিৰ সম্পাদক ভোজন দাস , বিটিচিৰ এমচিএলএ হেমন্ত ৰাভা সকল উপস্থিত থকাৰ লগতে তামুলপুৰ অঞ্চলৰ গন্য মান্য ব্যক্তি, বহু সহস্ৰাধিক বড়ো, আদিবাসী, চাওতালী, চাদ্ৰী, গোৰ্খা আদি বিভিন্ন জনগোষ্ঠী লোকসকল উপস্থিত থাকে । সন্ময়ৰ তলিত পৰিনত হয় ।

বৈশাগু উদযাপনত বৈশাগু নৃত্য, বাগৰুম্বা, ঝুমুৰ, গোদান মোচানাই, চাওতালী নৃত্য, আদিবাসী নৃত্য, চাদ্ৰী নৃত্য আদি নাচ প্ৰদৰ্শন কৰি উপস্থিত ৰাইজৰ মাজত উৎফুল্লিত কৰে ।

Exit mobile version