‘পৰীক্ষা পে চৰ্চা’য়ে গঢ়িলে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড, প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ৰেকৰ্ড সৃষ্টি
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰম্ভ হোৱা ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীয়ে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। নাগৰিকক একেলগে সম্পৃক্ত কৰা মঞ্চ হিচাপে কেৱল এমাহৰ ভিতৰত সকলোতকৈ বেছি লোকৰ পঞ্জীয়নৰ জৰিয়তে এই বিশেষ অভিলেখ গঢ়ে।
এইবাৰ MyGov প্লেটফৰ্মত আয়োজিত ‘পৰীক্ষা পে চৰ্চা’ৰ অষ্টম সংস্কৰণত প্ৰায় ৩.৫৩ কোটি লোক পঞ্জীয়ন কৰে। এই সংখ্যাই আগৰ সকলো অভিলেখ ভাঙি নতুন এক ৰেকৰ্ড গঢ়ে।
এই অনন্য মঞ্চত প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক তথা অভিভাৱকৰ সৈতে সজীৱ আলোচনা কৰে, তেওঁলোকৰ উদ্বেগ, চিন্তা আৰু প্ৰশ্নৰ প্ৰত্যক্ষভাৱে সমাধান দিয়ে।
সোমবাৰে নতুন দিল্লীত আয়োজিত এক বিশেষ অনুষ্ঠানত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ উপস্থিত থাকে।
এই সাফল্যৰ জৰিয়তে ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীয়ে শিক্ষা ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ আগ্ৰহ আৰু দেশৰ ভবিষ্যৎ পঢ়ুৱৈ জনগোষ্ঠীৰ প্ৰতি তেওঁৰ দৃষ্টিভংগীৰ এক অনন্য উদাহৰণ স্থাপন কৰিছে।