BTR NEWS

প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙ ২৬ ডিচেম্বৰ ২০২৪ তাৰিখে দিল্লীৰ এইমছ হাস্পতালত শেষ নিশ্বাস ত্যাগ

Telegram

প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙ ২৬ ডিচেম্বৰ ২০২৪ তাৰিখে দিল্লীৰ এইমছ হাস্পতালত শেষ নিশ্বাস ত্যাগ

 

প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙ ২৬ ডিচেম্বৰ ২০২৪ তাৰিখে দিল্লীৰ এইমছ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ বয়স হৈছিল ৯২ বছৰ। 

 

তেওঁৰ মৃত্যুত সমগ্ৰ দেশ শোকস্তব্ধ হৈছে। কেন্দ্ৰীয় চৰকাৰে ৭ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে, য’ত ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত থাকিব আৰু সকলো চৰকাৰী অনুষ্ঠান বাতিল কৰা হ’ব।

 

কংগ্ৰেছে তেওঁলোকৰ সকলো অনুষ্ঠান ৭ দিনৰ বাবে স্থগিত ৰাখিছে।

 

ডঃ মনমোহন সিঙ ২০০৪ ৰ পৰা ২০১৪ চনলৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। ১৯৯১ চনত অর্থমন্ত্ৰী হিচাপে ভাৰতৰ উদাৰীকৰণৰ সূচনা কৰি, দেশৰ অৰ্থনীতিৰ পৰিৱৰ্তনত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল।

 

তেওঁৰ মৃত্যুত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, বিভিন্ন ৰাজনৈতিক দলৰ নেতা আৰু সাধাৰণ ৰাইজে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁৰ শেষকৃত্য পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন হ’ব।

 

Exit mobile version