প্ৰশান্ত চক্ৰবৰ্তীৰ বিতৰ্কিত মন্তব্যৰ প্ৰতিবাদত বৰাকত প্ৰৱেশ নিষিদ্ধ ঘোষণা আকসাৰ

Telegram

প্ৰশান্ত চক্ৰবৰ্তীৰ বিতৰ্কিত মন্তব্যৰ প্ৰতিবাদত বৰাকত প্ৰৱেশ নিষিদ্ধ ঘোষণা আকসাৰ

 

অসম বিশ্ববিদ্যালয় সম্পৰ্কে বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত বাংলা সাহিত্য সভা অসমৰ সাধাৰণ সম্পাদক প্ৰশান্ত চক্ৰবৰ্তীৰ ওপৰত বৰাক উপত্যকাত প্ৰৱেশৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে অল কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থা (আকসা)। ছাত্ৰ সংগঠনটোৱে স্পষ্টকৈ জনাইছে—নিশৰ্ত ক্ষমা না খুজালৈকে তেওঁক বৰাকত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব।

 

আকসাৰ উপদেষ্টা ৰূপম নন্দী পুৰকায়স্থয়ে এক প্ৰেছ বিবৃতিত কয়, “প্ৰশান্ত চক্ৰবৰ্তীয়ে ইতিমধ্যেই গামোচা লৈ বিতৰ্ক সৃষ্টি কৰিছিল। এতিয়া তেওঁ অসমত বিভিন্ন জনগোষ্ঠীৰ মাজত বিভাজন সৃষ্টিৰ চেষ্টা কৰিছে। যেতিয়া অসমত অসমীয়া, বঙালী, আৰু আন সকলো জাতি-জনগোষ্ঠীয়ে একেলগে শান্তিপূৰ্ণ সহাবস্থানেৰে বাস কৰি আছে, ঠিক তেতিয়াই এই ধরনের উস্কানিমূলক মন্তব্য এক গভীৰ ষড়যন্ত্ৰ।”

 

আকসাৰ মতে, প্ৰশান্ত চক্ৰবৰ্তীৰ মন্তব্য কেৱল অসম বিশ্ববিদ্যালয়ৰ মর্যাদাক ক্ষুণ্ণ কৰা নহয়, ই সমগ্ৰ অসমৰ একতাকো প্ৰভাৱিত কৰিব পাৰে। সংগঠনটোৱে তেওঁৰ বিৰুদ্ধে তীব্ৰ প্রতিবাদ চলাই আছে আৰু চৰকাৰক আহ্বান জনাইছে যে এনে ব্যাক্তিৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব লাগে।

 

উল্লেখযোগ্য যে, এই ঘটনাই বৰাক উপত্যকাৰ ৰাজনৈতিক আৰু সামাজিক পৰিৱেশত এটা নতুন বিতৰ্কৰ জন্ম দিছে। বৰ্তমান পৰিস্থিতিত প্ৰশান্ত চক্ৰবৰ্তীৰ প্ৰতিক্ৰিয়া আৰু সম্ভাৱ্য ক্ষমা প্ৰদানৰ ওপৰত নজৰ ৰখা

হৈছে।

 

  • Related Posts

    তামুলপুৰত বিটিচি নিৰ্বাচনৰ গ্ৰুপ ট্ৰেইনিং সমাপ্ত*

    Telegram

    TelegramTweetতামুলপুৰত বিটিচি নিৰ্বাচনৰ গ্ৰুপ ট্ৰেইনিং সমাপ্ত। তামুলপুৰ, ১৭ ছেপ্টেম্বৰ, ২০২৫   সমাগত বিটিচি নিৰ্বাচন সুশৃংখল আৰু শান্তিপূৰ্ণভাৱে যাতে সমাপ্ত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি তামুলপুৰ জিলা প্ৰশাসনে ইতিমধ্যে সকলোধৰণৰ ব্যৱস্থা…

    ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*

    Telegram

    TelegramTweet*ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ ২০২৫* : বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ২৬-দৰঙাজুলি, ২৭-নাগ্ৰীজুলি আৰু ২৯-শুক্লাই ছেৰফাং সমষ্টিৰ নিৰ্বাচনী পৰ্যৱেক্ষক হিচাপে নিযুক্ত অতুল কুমাৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *