BTR NEWS

প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি কেন্দ্ৰৰ উদ্বোধন

Telegram

প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি কেন্দ্ৰৰ উদ্বোধন

মালিগাঁও, ১২ নৱেম্বৰ, ২০২৪:

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ নৱেম্বৰ, ২০২৪ তাৰিখে বিভিন্ন স্থানত ১৮ টা প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি কেন্দ্ৰ উদ্বোধন কৰিব। তেওঁ দাৰভাঙ্গাৰ পৰা জনঔষধি কেন্দ্ৰসমূহ ভাৰ্চুৱেলি উদ্বোধন কৰিব। উত্তৰ-পূব সীমান্ত ৰেলৱে অধিক্ষেত্ৰৰ অধীনৰ ত্ৰিপুৰাৰ আগৰতলাৰ ৰেল ষ্টেচনটো ১৮ টা ষ্টেচনৰ ভিতৰত বাছনি কৰা হৈছে।

 

প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি কেন্দ্ৰ হৈছে ভাৰত চৰকাৰে এক বিশেষভাৱে বিপনীৰ জৰিয়তে সকলোৰে বাবে, বিশেষকৈ দৰিদ্ৰ আৰু সুবিধাবঞ্চিত লোকসকলৰ বাবে সুলভ মূল্যত মানসম্পন্ন ঔষধ প্ৰদান কৰাৰ বাবে আৰম্ভ কৰা এক অভিযান, যাতে স্বাস্থ্যসেৱাত জনসাধাৰণৰ জেপৰ পৰা হোৱা খৰচ হ্ৰাস হয়। স্বাস্থ্যজনিত ঔষধ প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি কেন্দ্ৰৰ বিপনী স্থাপন কৰা হৈছে, যিসমূহ কম মূল্যত উপলব্ধ কিন্তু ব্যয়বহুল ব্ৰেণ্ডেড ঔষধৰ দৰে মানসম্পন্ন আৰু সম ফলপ্ৰসূ সম্পন্ন। প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি কেন্দ্ৰৰ মুখ্য লক্ষ্য হৈছে “সুলভ মূল্যত গুণগত মানৰ জেনেৰিক ঔষধ” প্ৰদানৰ জৰিয়তে ভাৰতৰ প্ৰতিজন নাগৰিকৰ স্বাস্থ্যসেৱাৰ বাজেট হ্ৰাস কৰা আৰু এই সমূহ পৰ্যাপ্ত পৰিমাণে জনসমাগম ঘটা স্থানত স্থাপন কৰা হৈ আছে।

 

প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি কেন্দ্ৰটো আগৰতলা ৰেল ষ্টেচনৰ ১ নং প্লেটফৰ্মৰ কাষৰ কনকৰ্চ এলেকাত ২.৫ মিটাৰ x ৪.৫ মিটাৰ পৰিমাপৰ আকাৰত স্থাপন কৰা হৈছে। আগৰতলাত প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি কেন্দ্ৰৰ মুঠ এলেকা ১১.২৫ বৰ্গ মিটাৰ। এইটো যাত্ৰীসকলৰ লগতে সাধাৰণ লোকসকলৰ বাবে সহজে উপলব্ধ হ’ব আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে যথেষ্ট লাভজনক হোৱাৰ সম্ভাৱনা আছে।

Exit mobile version