প্ৰধানমন্ত্ৰীৰ দ্বাৰা ১২,১০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশবাসীলৈ উৎসৰ্গীকৰণ ।

Telegram

প্ৰধানমন্ত্ৰীৰ দ্বাৰা ১২,১০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশবাসীলৈ উৎসৰ্গীকৰণ ।

মাননীয় প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰসমূহো উদ্বোধন কৰে ।

 

মালিগাওঁ, ১৩ নৱেম্বৰ, ২০২৪:

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ দাৰভাঙ্গাত প্ৰায় ১২,১০০ কোটি টকা মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ১৭৪০ কোটি টকাৰো অধিক মূল্যৰ ৰে’লৱে প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে আৰু দেশবাসীলৈ উৎসর্গা কৰে। তেওঁ বিহাৰৰ ঔৰঙ্গাবাদ জিলাৰ চিৰালাপোথুৰ পৰা বাঘা বিশুনপুৰলৈ ২২০ কোটি টকাৰো অধিক মূল্যৰ ছোনেনগৰ বাইপাছ ৰেলপথৰ আধাৰশিলা স্থাপন কৰি দেশবাসীলৈ উৎসর্গা কৰে। তেওঁ ১৫২০ কোটি টকাৰো অধিক মূল্যৰ ৰে’লৱে প্ৰকল্পসমূহো দেশবাসীলৈ উৎসৰ্গা কৰে। অন্যান্য সমূহৰ ভিতৰত আছে ঝাঞ্জাৰপুৰ–লৌকাহা বাজাৰ ৰে’ল খণ্ডৰ গজ পৰিৱৰ্তন, দাৰভাঙ্গা বাইপাছ ৰে’ললাইন যি দাৰভাঙ্গা জংচনত ৰে’লৰ যান-জঁট হ্ৰাস কৰিব, ৰে’ল পথ প্ৰকল্প দ্বৈতকৰণ যি উন্নত আঞ্চলিক ৰেল সংযোগৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে ঝাঞ্জাৰপুৰ-লৌকাহা বাজাৰ খণ্ডত মেমু ৰে’ল সেৱাৰো শুভাৰম্ভ কৰে। খণ্ডটোত মেমু ৰেল সেৱাৰ প্ৰৱৰ্তনে সমীপৱৰ্তী মহানগৰ আৰু চহৰসমূহত চাকৰি, শিক্ষা আৰু স্বাস্থ্যসেৱা সুবিধা সহজে লাভ কৰাত সহায় কৰিব।

তেওঁ দাৰভাঙ্গাৰ পৰা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধিক্ষেত্ৰৰ ত্ৰিপুৰাৰ আগৰতলা ৰে’ল ষ্টেচনকে ধৰি সমগ্ৰ ভাৰতৰ ১৮ টা ৰে’ল ষ্টেচনত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰসমূহো ভাৰ্চুৱেলী উদ্বোধন কৰে। আগৰতলা ৰেল ষ্টেচনত অন্যান্য গণ্যমান্য ব্যক্তিসকলৰ সৈতে সাংসদ (ৰাজ্যসভা) শ্ৰী ৰাজীব ভট্টাচাৰ্য উপস্থিত আছিল।

প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি কেন্দ্ৰৰ মুখ্য লক্ষ্য হৈছে “সুলভ মূল্যত গুণগত মানৰ জেনেৰিক ঔষধ” প্ৰদানৰ জৰিয়তে ভাৰতৰ প্ৰতিজন নাগৰিকৰ স্বাস্থ্যসেৱাৰ বাজেট হ্ৰাস কৰা আৰু এই সমূহ পৰ্যাপ্ত পৰিমাণে জনসমাগম ঘটা স্থানত স্থাপন কৰা হৈ আছে।

মাননীয় প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি কয় যে এই জন ঔষধি কেন্দ্ৰসমূহে যাত্ৰী সকলৰ লগতে সাধাৰণ ৰাইজৰ বাবেও ৰে’লৱে ষ্টেচনত সুলভ ঔষধৰ উপলব্ধতা নিশ্চিত কৰিব আৰু এই কেন্দ্ৰসমূহে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে যথেষ্ট লাভজনক হোৱাৰ সম্ভাৱনা আছে। ই স্বাস্থ্যসন্মত ঔষধৰ প্ৰতি সজাগতা আৰু গ্ৰহণযোগ্যতাক উৎসাহিত কৰিব যাৰ ফলত স্বাস্থ্যসেৱাৰ দিশত সামগ্ৰিক ব্যয় হ্ৰাস হ’ব।

  • Related Posts

    NFR Strengthens Railway Security with Joint Patrolling Near Bangladesh Border

    Telegram

    TelegramTweetNFR Strengthens Railway Security with Joint Patrolling Near Bangladesh Border   Maligaon, 01st May, 2025: In a significant step toward strengthening border security and ensuring the safety of railway assets…

    Darjeeling’s Legendary Steam Locomotive No. 782B Marks 125 Years of Service

    Telegram

    TelegramTweet  Darjeeling’s Legendary Steam Locomotive No. 782B Marks 125 Years of Service   Maligaon, 17th April, 2025: In a remarkable tribute to India’s rich railway heritage, the Darjeeling Himalayan Railway…

    Leave a Reply

    Your email address will not be published. Required fields are marked *