প্লাষ্টিকমুক্ত আৰু স্বচ্ছতাৰ জৰিয়তে পৰিবেশ প্ৰদূষণ মুক্ত কৰাৰ প্ৰয়াসেৰে ভূটান সীমান্তৰ মহেন্দ্ৰনগৰত চাফাই অভিযান।

Telegram

প্লাষ্টিকমুক্ত আৰু স্বচ্ছতাৰ জৰিয়তে পৰিবেশ প্ৰদূষণ মুক্ত কৰাৰ প্ৰয়াসেৰে ভূটান সীমান্তৰ মহেন্দ্ৰনগৰত চাফাই অভিযান।

 

নাগ্ৰীজুলি ২৯ জুন-

 

তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত সমগ্ৰ তামুলপুৰ জিলাখন প্লাষ্টিক মুক্ত আৰু স্বচ্ছ কৰি প্ৰদূষণ মুক্ত কৰাৰ এক প্ৰয়াস চলাই অহা হৈছে। তামুলপুৰ জিলা প্ৰশাসনৰ এনে প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনাই আজি বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ ভাৰত-ভূটান সীমান্তৰ মহেন্দ্ৰনগৰ বজাৰ উন্নয়ন সমিতিৰ সভাপতি মাধৱ ছেত্ৰী, সম্পাদক মাণিক সাহা, নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুচেন দাসৰ নেতৃত্বত মহেন্দ্ৰনগৰ বজাৰত এক চাফাই অভিযান চলোৱা হয়। এই চাফাই অভিযান আনুষ্ঠানিক ভাৱে মুকলি কৰে নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুচেন দাসে। এই চাফাই অভিযানত মহেন্দ্ৰনগৰ বজাৰ উন্নয়ন সমিতিৰ বিষয় ববীয়া সকলৰ লগতে সমিতিৰ সদস্য, স্থানীয় লোকৰব্যৱসায়ী সকল, ২৪ নং এছ এছ বি বাহিনীৰ বিষয়া আৰু জোৱান সকল, যুৱ ছাত্ৰ নেতা মিথুন দাসকে ধৰি অঞ্চলটোৰ ৰাইজ ওলাই আহি মহেন্দ্ৰনগৰ সাপ্তাহিক বজাৰখনত ঝাড়ু মাৰি সকলো ধৰণৰ পেলনীয়া সামগ্ৰী, আৱৰ্জনা সমূহ বিশেষকৈ প্লাষ্টিক আৱৰ্জনা সমূহ চাফ চিকুণ কৰে আৰু বিজ্ঞান সন্মত ভাবে নিষ্কাশন কৰে। প্ৰায় দুই ঘণ্টা জোৰা স্বচ্ছ অভিযানৰ অন্তত কাৰ্যসূচীত অংশ লোৱা আৰক্ষী, এছ এছ বি, মহেন্দ্ৰনগৰ বজাৰ উন্নয়ন সমিতিৰ লোক সকল,, ব্যৱসায়ী সকলে বজাৰত সমবেত হৈ বৃহত্তৰ গুৱাবাৰী অঞ্চল, মহেন্দ্ৰনগৰ বজাৰ খন প্লাষ্টিক মুক্ত হিচাপে গঢ়ি তোলাৰ বাবে প্লাষ্টিক বর্জনৰ পণ লয় আৰু প্লাষ্টিকৰ সলনি কাগজৰ মোনা, কাপোৰৰ বেগ ব্যৱহাৰৰ পণ লয়। মহেন্দ্ৰনগৰ বজাৰ উন্নয়ন সমিতিৰ সভাপতি তথা পৰিবেশ কৰ্মী মাধৱ ছেত্ৰীয়ে বৰ্তমান সময়ত সমগ্ৰ বিশ্বত বৃদ্ধি পোৱা গোলকীয় উষ্ণতা বৃদ্ধি, বতৰৰ পৰিৱৰ্তন, বনাঞ্চল ধ্বংসৰ কুপ্ৰভাব আদিৰ বিষয়ে বিতংকৈ বাখ্যা কৰি ৰাইজকো প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ অনুৰোধ জনায় আৰু পৰিবেশ সুস্থিৰ কৰি ৰাখিবলৈ গছপুলি ৰোপনৰ বাবে কাতৰ আহ্বান জনায়। প্ৰতি দেওবাৰে মহেন্দ্ৰনগৰ বজাৰত এই স্বচ্ছ অভিযান অব্যাহত থাকিব বুলিও মাধৱ ছেত্ৰীয়ে জানিবলৈ দিয়ে।

  • Related Posts

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    • Current
    • September 15, 2025
    • 5 views
    • 1 minute Read
    মৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

    Telegram

    TelegramTweetমৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ   ডিব্ৰুগড়, ১৫ ছেপ্টেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (CAA) তথা চমুকৈ কা আৰু গৃহ মন্ত্ৰালয়ে প্ৰণয়ন কৰা প্ৰৱজন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *