পুলিন দাস ১৪ অনুৰ্ধ ক্ৰিকেট প্ৰতিযোগিতাত তামুলপুৰৰ দল নিৰ্বাচিতঃ

Telegram

পুলিন দাস ১৪ অনুৰ্ধ ক্ৰিকেট প্ৰতিযোগিতাত তামুলপুৰৰ দল নিৰ্বাচিতঃ

 

তামুলপুৰ, ৩১ মাৰ্চঃ

 

কাইলৈৰ পৰা উত্তৰ গুৱাহাটীত অৱস্থিত এচিএচিএ খেলপথাৰত অনুষ্ঠিত হ’ব লগীয়া দ্বিতীয় বাৰ্ষিক পুলিন দাস ১৪ অনুৰ্ধৰ প্ৰতিযোগিতাত তামুলপুৰ জিলাৰ পৰা ১৫ গৰাকী খেলুৱৈ নিৰ্বাচিত হয়। খনিত বড়োৰ নেতৃত্বত তামুলপুৰ জিলা ক্ৰিকেট সন্থাই নিৰ্বাচন কৰি উলিওৱা দলটোত হিমাংশু শৰ্মা, বাদিউদ যুৱাল আহমেদ, বিহান লহকৰ, দেৱাংগন দাস, দীনেশ চেত্ৰী, কৃষ্ণ কলিতা, নিতুমনি কলিতা, ৰাজদ্বীপ শৰণীয়া, ৰিয়ান দাস, উদয় বড়ো, ৰিদিপ ৰয়, সুদীপ্ত চৌধুৰী, মৃনাল ৰাজবংশী আৰু টমাছ প্ৰীতম সাউদ আজি গুৱাহাটীলৈ ৰাওনা হয়। কাইলৈ পুৱা ৯ বজাৰ পৰা আৰম্ভ হবলগীয়া উদ্বোধনী খেলখন তামুলপুৰ জিলাই গোৱালপাৰা জিলাৰ মুখামুখী হ’ব। প্ৰশিক্ষক পৰাগ বৰ্মন আৰু মেনেজাৰ দীনেশ ৰাভাৰ তত্বাৱধানত ৰাওনা হোৱা দলটোৰ খেলুৱৈসকলক আজি তামুলপুৰ জিলাৰ ক্ৰিকেট সন্থাৰ তৰফৰ পৰা ক্ৰিকেট জাৰ্চি প্ৰদান কৰা হয়। দলটো ৰাওনাৰ সময়ত আজি তামুলপুৰ জিলা ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি ঠাকুৰীয়াৰ সঞ্চালনাত এখন সভা অনুষ্ঠিত কৰি খেলুৱৈসকলক মিঠাই খুৱাই শুভেচ্ছা জ্ঞাপন কৰে।##

  • Related Posts

    তামুলপুৰত তৃতীয় বাৰ্ষিক চুপাৰ ডিভিজন আন্তঃ ক্লাৱ ফুটবল লীগ আৰম্ভঃ

    Telegram

    TelegramTweetতামুলপুৰত তৃতীয় বাৰ্ষিক চুপাৰ ডিভিজন আন্তঃ ক্লাৱ ফুটবল লীগ আৰম্ভঃ   তামুলপুৰ,২০ জুলাইঃ   তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে তৃতীয় বাৰ্ষিক…

    BCCI এ ২০২৩–২৪ আৰ্থিক বছৰত অৰ্জন কৰা সম্পূৰ্ণ উপাৰ্জন দাঁড়ায় ₹9,741.7 কোটি, যাৰ ≈59% অংশ আয় হৈছিল IPL-ৰ মাধ্যমে (~₹5,761 কোটি) ।

    Telegram

    TelegramTweetBCCI এ ২০২৩–২৪ আৰ্থিক বছৰত অৰ্জন কৰা সম্পূৰ্ণ উপাৰ্জন দাঁড়ায় ₹9,741.7 কোটি, যাৰ ≈59% অংশ আয় হৈছিল IPL-ৰ মাধ্যমে (~₹5,761 কোটি) ।     📊 আয়ৰ အေাৱৰণ:   সৰ্বমুঠ উপাৰ্জন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *