পুনৰ বিতৰ্কত সোমাই পৰিছে তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়
ধনৰ লেনদেনেৰে অংগনাবাদী কৰ্মী আৰু সহায়িকাৰ পদত নিযুক্তি দিয়া কল ৰেকৰ্ডিং ভাইৰেলৰ পিছত এইবাৰ আৰ টি আইৰ তথ্যত অবৈধ নিযুক্তিৰ ভয়ংকৰ অভিযোগ।
মেধা আৰু স্বচ্ছতাক বাদ দি বিধি বহিৰ্ভুত ভাৱে নিয়মীয়া কলেজৰ ছাত্ৰী তথা কোৰ্ট মেৰেজ হোৱা ছোৱালীক নিযুক্তি দিলে অংগনাবাদী কৰ্মী পদত
ৰীণা মণ্ডল নামৰ নিয়মীয়া ছাত্ৰীয়ে লাভ কৰিলে কৰ্মী পদত নিযুক্তি।
তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ কুম্ভীঝাৰৰ ৩৯৬ নম্বৰ অংগনাবাদী কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা
তামুলপুৰ প্ৰেছ ক্লাৱত সংবাদমেল পাতি বঞ্চিত প্ৰাৰ্থী দীপা মণ্ডলে উদঙালে দুৰ্নীতিৰ তথ্য
ধনৰ লেনদেনেৰে সম্পূৰ্ণ অবৈধ ভাৱে নিযিক্তি দিয়াৰ অভিযোগ দীপা মণ্ডলৰ
মুখ্য মন্ত্ৰীক আহ্বান অবৈধ আৰু নীতি বহিৰ্ভূত নিযুক্তিৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিক ।