পাণবজাৰৰ (গুৱাহাটী) নতুন ৰোড অভাৰ ব্ৰীজ নিৰ্মাণৰ কামত দ্ৰুত অগ্ৰগতি 

Telegram

পাণবজাৰৰ (গুৱাহাটী) নতুন ৰোড অভাৰ ব্ৰীজ নিৰ্মাণৰ কামত দ্ৰুত অগ্ৰগতি 

 

মালিগাওঁ, ১৯ ডিচেম্বৰ, ২০২৪:

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ সংমণ্ডলজুৰি ৰে’ল পৰিচালনত আন্তঃগাঁথনি আৰু সুৰক্ষা বৃদ্ধিৰ বাবে ইয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত প্ৰচেষ্টা চলাই আহিছে। এনে এক প্ৰচেষ্টা হৈছে গুৱাহাটীৰ পাণবজাৰত অৱস্থিত পুৰণি ৰোড অভাৰ ব্ৰীজৰ (আৰওবি) স্থানত এক নতুন আৰওবিৰ নিৰ্মাণ। উত্তৰ পূব সীমান্ত ৰেলৱেৰ কাৰ্যক্ষম টীমৰ তত্বাৱধানত এই সেঁতুৰ নিৰ্মাণ কাৰ্য দ্ৰুতভাৱে আগবাঢ়িছে আৰু সোনকালেই সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে।

১৯৬৫ চনত নিৰ্মাণ কৰা পুৰণি পাণবজাৰ ৰোড অভাৰ ব্ৰীজখনে উলম্ব আৰু অনুভূমিক দিশত অপৰ্যাপ্ত ক্লীয়াৰেঞ্চৰ সৈতে গাঁথনিগত আৰু পৰিচালন সীমাবদ্ধতাৰ মুখামূখী হৈছে, যাৰ পৰিণামস্বৰূপে প্ৰতি ঘন্টাত ১৫ কিলোমিটাৰ গতিবেগৰ সীমাবদ্ধতা প্ৰয়োগ কৰিব লগা হৈছে আৰু এক “ডেড ৱায়াৰ জোন” সৃষ্টি কৰাৰ ফলত বৈদ্যুতিক ইঞ্জিনসমূহৰ সুগম চলাচল ব্যাহত হৈছে। ইয়াৰ উপৰিও, পানী জমা হোৱাটো এক অপ্ৰতিৰোধী প্ৰত্যাহ্বান হোৱাৰ পৰিণামস্বৰূপে, বিশেষকৈ ধাৰাষাৰ বৰষুণৰ সময়ত, চিগনেলৰ বিফলতা আৰু যান-বাহনৰ চলাচল ব্যাহত হোৱাৰ লগতে যাত্ৰীসকলৰ যথেষ্ট অসুবিধা হয়।

 

পাণবজাৰৰ নতুন আৰওবিৰ লক্ষ্য হৈছে ইয়াৰ পূৰ্বৰ সকলো অসুবিধা দূৰ কৰি চলাচলৰ ক্ষেত্ৰত অধিক বৃদ্ধি প্ৰৱৰ্তন কৰা। ৬০ মিটাৰ দৈৰ্ঘ্যৰ স্পান যোগে ই উন্নত উলম্ব আৰু অনুভূমিক ক্লিয়াৰেন্স প্ৰদান কৰিব, গতিবেগৰ সীমাবদ্ধতা আঁতৰ কৰিব আৰু বাধাহীন ৰেল চলাচলক সক্ষম কৰিব। ট্ৰেক লেভেল ওখ হোৱাৰ ফলত পানী জমা হোৱা সমস্যাসমূহো নাইকীয়া হব, আনকি বাৰিষাৰ সময়তো সুগম পৰিচালন নিশ্চিত কৰিব। ইয়াৰ উপৰিও, পুনৰ নিৰ্মাণ কৰা গাঁথনিটোৱে গুৱাহাটী ষ্টেচনত য়াৰ্ড পুনৰ্নিৰ্মাণত সহায় কৰিব, অতিৰিক্ত প্লেটফৰ্ম আৰু যাত্ৰী সা-সুবিধাৰ বাবে স্থান সৃষ্টি কৰিব। নতুন আৰওবিয়ে বৃহৎ আকাৰৰ সামগ্ৰীৰ সৈতে সকলো ধৰণৰ ৰেল ইঞ্জিন (বৈদ্যুতিক লোকো)ৰ চলাচলৰ সুবিধা প্ৰদান কৰিব, যাৰ ফলত অঞ্চলটোৰ ঔদ্যোগিক আৰু অৰ্থনৈতিক প্ৰগতি বৃদ্ধি হ’ব। পুৰণি সেতুখনৰ দুটা লেনৰ সলনি নতুন আৰওবিত তিনি লেনযুক্ত বহল পথ থাকিব, যাৰ ফলত অধিক পৰিমাণৰ পথ যান-বাহন পৰিচালন কৰাৰ ক্ষমতা বৃদ্ধি হ’ব। ই যান-জঁট হ্ৰাস কৰিব, এনেদৰে যাত্ৰীসকলৰ বাবে সুগম আৰু অধিক সুদক্ষ পৰিবহন ব্যৱস্থা নিশ্চিত কৰিব।

উক্ত প্ৰকল্প স্থানৰ ওচৰত অগ্নি নিৰ্বাপক বাহিনী কেন্দ্ৰ এটাৰ উপস্থিতিয়ে নিৰ্মাণ সামগ্ৰী সমূহ ৰখাৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে, যাৰ ফলত উপযুক্ত কৰ্মক্ষেত্ৰৰ স্থান হ্ৰাস পাইছে। তথাপিও, প্ৰকল্পটোৰ উল্লেখযোগ্য অগ্ৰগতিৰ ভিতৰত আছে- মূল আন্তঃগাঁঠনিৰ কাম সম্পূৰ্ণ, ফেব্ৰিকেছনৰ কামো যথেষ্ট হৈছে আৰু বো ষ্ট্ৰীং গাৰ্ডাৰৰ পৰিবহন আৰু জিয়ো-চেল প্ৰযুক্তিৰ ব্যৱহাৰেৰে চাব-চইলৰ শেহতীয়া উন্নয়ন হৈছে। চাব চইল প্ৰযুক্তিৰ আধুনিক পদ্ধতিৰ ৰূপায়ণত লোড বিতৰণ আৰু মাটিৰ স্থিতিশীলতা বৃদ্ধি কৰাৰ বাবে গ্ৰেণিউলাৰ সামগ্ৰীৰে পূৰ্ণ পৰস্পৰে সংযুক্ত চেলৰ ব্যৱহাৰ অন্তৰ্ভুক্ত আছে। ৰে’লৰ পৰিচালন উন্নত কৰাৰ বাবে অত্যাধুনিক প্ৰযুক্তি গ্ৰহণ কৰাৰ ক্ষেত্ৰত উত্তৰ পূব সীমান্ত ৰেলৱেৰ গুৰুত্বৰ সৈতে সংগতি থকা এনে কৌশলে আন্তঃগাঁথনিৰ দীৰ্ঘম্যাদীতা আৰু স্থিতিস্থাপকতা নিশ্চিত কৰে।

নিৰ্মাণ কাৰ্যৰ মূল উপাদানসমূহ অনুমোদিত সংস্থাৰ জৰিয়তে সফল পৰিদৰ্শন কৰা হৈছে। শেহতীয়াকৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীবাস্তৱে নিৰ্মাণস্থলী পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াবৰ্গক সময়মতে আৰু সুদক্ষভাৱে প্ৰকল্পৰ কাম সম্পাদন কৰিবলৈ নিৰ্দেশ দিয়ে।

  • Related Posts

    Indian Railways Introduces Aadhaar-Based Authentication for Early Online Reservations

    Telegram

    TelegramTweetIndian Railways Introduces Aadhaar-Based Authentication for Early Online Reservations   Maligaon, 16th September, 2025:   The Ministry of Railways has announced a new measure to ensure that the benefits of…

    মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন 

    Telegram

    TelegramTweetমাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন  মালিগাওঁ, ১৪ ছেপ্টেম্বৰ, ২০২৫:   প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ ১৫ ছেপ্টেম্বৰত বিহাৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *