পাঠশালাত অনুষ্ঠিত ১৩ সংখ্যক আন্তঃ জিলা নামনি অসম মণ্ডল কাৰাটে চেম্পিয়নশ্বিপত তামুলপুৰ জিলাৰ সফলতা।

Telegram

পাঠশালাত অনুষ্ঠিত ১৩ সংখ্যক আন্তঃ জিলা নামনি অসম মণ্ডল কাৰাটে চেম্পিয়নশ্বিপত তামুলপুৰ জিলাৰ সফলতা।

তামুলপুৰ, ৭ এপ্ৰিলঃ

বিগত ৫ আৰু ৬ এপ্ৰিলত বজালী জিলাৰ পাঠশালাৰ ৰাসমেলা খেলপথাৰত “ইউনিফাইড কাৰাটে এছ’চিয়েচন, অসম” (উকা)ৰ তত্বাৱধানত অনুষ্ঠিত ১৩ সংখ্যক আন্তঃ জিলা নামনি অসম মণ্ডল কাৰাটে চেম্পিয়নশ্বিপত “তামুলপুৰ জিলা কাৰাটে এছ’চিয়েচনে” ৫টা সোণ, ১৫টা ৰূপ আৰু ১৪টা ব্ৰঞ্জৰ পদক বুটলি আনি সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। তামুলপুৰ জিলাৰ হৈ চেহনাজ পাৰবিন, দিয়া মেধী, ঈকাশী ডেকা, নব্য আগৰৱালা, নিশিতা বড়োৱে সোণৰ পদক। জুনাইদ দেৱান (২টা), দীক্ষিত কাশ্যপ, নিশিতা পাঠক, সিমাং বড়ো, গুন গুন হুছেইন, নিখিতা বড়ো, সুজু ৰাণী বড়ো, শেৱালী বড়ো (২টা), জুমুনা বড়ো, জুবিন বড়ো (২টা), চেহনাজ পাৰবিন, উদিপ্ত ডেকাই ৰূপৰ পদক তথা ছানি দাস, অংকুৰণ কাশ্যপ, দেৱ প্ৰতীম পাঠক, প্ৰগতি স্বৰ্গীয়াৰী, ধৰিত্ৰী দাস, জ্যোতিষ কাকতি (২টা), স্বৰজিনা বড়ো (২টা), ৰক্তিম ডেকা, মনদ্বীপ ডেকা, ধনজিত শৰণীয়া, অৰবিন্দ বড়ো আৰু হৰে ৰাম বড়োৱে ব্ৰঞ্জৰ পদক লাভ কৰি তামুলপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। এইক্ষেত্ৰত “তামুলপুৰ জিলা কাৰাটে এছ’চিয়েচন”ৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ বড়োক জিলাখনৰ ক্ৰীড়া প্ৰেমী, ক্ৰীড়া সংগঠক আদিৰ লগতে অঞ্চলটোৰ ৰাইজে অভিনন্দন জ্ঞাপন কৰিছে।###

  • Related Posts

    তামুলপুৰত তৃতীয় বাৰ্ষিক চুপাৰ ডিভিজন আন্তঃ ক্লাৱ ফুটবল লীগ আৰম্ভঃ

    Telegram

    TelegramTweetতামুলপুৰত তৃতীয় বাৰ্ষিক চুপাৰ ডিভিজন আন্তঃ ক্লাৱ ফুটবল লীগ আৰম্ভঃ   তামুলপুৰ,২০ জুলাইঃ   তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে তৃতীয় বাৰ্ষিক…

    BCCI এ ২০২৩–২৪ আৰ্থিক বছৰত অৰ্জন কৰা সম্পূৰ্ণ উপাৰ্জন দাঁড়ায় ₹9,741.7 কোটি, যাৰ ≈59% অংশ আয় হৈছিল IPL-ৰ মাধ্যমে (~₹5,761 কোটি) ।

    Telegram

    TelegramTweetBCCI এ ২০২৩–২৪ আৰ্থিক বছৰত অৰ্জন কৰা সম্পূৰ্ণ উপাৰ্জন দাঁড়ায় ₹9,741.7 কোটি, যাৰ ≈59% অংশ আয় হৈছিল IPL-ৰ মাধ্যমে (~₹5,761 কোটি) ।     📊 আয়ৰ အေাৱৰণ:   সৰ্বমুঠ উপাৰ্জন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *