
পাকিস্তানৰ সমৰ্থনত পোষ্ট চেয়াৰ কৰি গ্ৰেপ্তাৰ তামুলপুৰৰ এগৰাকী যুৱক
তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্ত সংলগ্ন এলাকা এন কে দৰঙাৰ এগৰাকী যুৱক পাকিস্তানৰ সমৰ্থনত ৰিলচ (Reels) চেয়াৰ কৰাৰ অভিযোগত আৰক্ষীৰ জালত পৰিছে। গ্ৰেপ্তাৰ হোৱা যুৱকজনৰ নাম তাহিব আলি বুলি জানিব পৰা গৈছে।
তাহিব আলিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি (IPC)ৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, বিদেশী ৰাষ্ট্ৰৰ সমৰ্থনত যিকোনো ধৰণৰ প্ৰচাৰ বা প্ৰচেষ্টাই ৰাষ্ট্ৰীয় সংহতি ভংগ কৰিব পাৰে, আৰু সেইবাবেই এনে কাৰ্যক গম্ভীৰভাৱে লৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু ইয়াৰ সৈতে সম্পৃক্ত অন্য কোনো ব্যক্তিৰ ভুমিকা আছে নেকি, তাৰো সন্ধান চলাই আছে।