পদ্ম আনন্দ হাইস্কুলৰ পাচগৰাকী পাচগৰাকী অৱসৰী শিক্ষক- কৰ্মচাৰীক বিদায় সম্বৰ্ধনা জ্ঞাপন

  • Current
  • March 19, 2025
  • 0 Comments
Telegram

পদ্ম আনন্দ হাইস্কুলৰ পাচগৰাকী পাচগৰাকী অৱসৰী শিক্ষক- কৰ্মচাৰীক বিদায় সম্বৰ্ধনা জ্ঞাপন

===================================

তামুলপুৰ ১৯ মাৰ্চ:–

 

তামুলপুৰ জিলাৰ অন্তৰ্গত পদ্ম আনন্দ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাচগৰাকী অৱসৰী শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীক আজি আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত হিন্দী শিক্ষয়িত্ৰী প্ৰমিলা দাস আৰু শ্ৰীবাসিনী সৰকাৰ , সহকাৰী শিক্ষক দীনেশ কুমাৰ দাস , কনিষ্ঠ সহায়ক মহিম স্বৰ্গীয়াৰী, আৰু বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত তথা প্ৰয়াত ৰমনী কান্ত ডেকাৰ সহধৰ্মিনী কুঞ্জলতা ডেকাক এখন ফুলাম গামোচা, চেলেং চাদৰ , আৰনাই , শৰাই , ফুলাম জাপি ,একোখন ধৰ্মগ্ৰন্থ , পিৰন , হাফ-কোটেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ অৱসৰী হিন্দী শিক্ষয়িত্ৰী প্ৰমিলা দাসে যোৱা ২০২৪ ইংৰাজী চনৰ ৩১ জানুৱাৰীত , শ্ৰীবাসিনী সৰকাৰে ২০২৪ ইংৰাজী চনৰ ২৯ ফেব্ৰুৱাৰীত ,চতুৰ্থ শ্ৰেনীৰ কৰ্মচাৰী প্ৰয়াত ৰমনী কান্ত ডেকাই ২০২৪ চনৰ ৩০ জুনত , সহকাৰী শিক্ষক দীনেশ কুমাৰ দাসে ২০২৪ চনৰ ৩০ নৱেম্বৰত আৰু কনিষ্ঠ সহায়ক মহিম স্বৰ্গীয়াৰীয়ে ২০২৪ চনৰ ৩১ ডিচেম্বৰত চাকৰিৰ পৰা অৱসৰ গ্ৰহন কৰে ৷ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অমিতাভ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত অৱসৰী শিক্ষক-শিক্ষয়িত্ৰী কৰ্মচাৰী সম্বৰ্ধনা সভাখনৰ আত ধৰে বিদ্যালয়খনৰ সহকাৰী শিক্ষক চক্ৰেশ্বৰ ডেকাই ৷ সভাত অৱসৰি শিক্ষক – শিক্ষয়িত্ৰীসকলৰ তৰফৰ পৰা প্ৰমিলা দাস , শ্ৰীবাসিনী সৰকাৰ ,দীনেশ কুমাৰ দাস আৰু অৱসৰপ্ৰাপ্ত কনিষ্ঠ সহায়ক মহিম স্বৰ্গীয়াৰীয়ে কৰ্মজীৱনৰ অভিজ্ঞতা আৰু স্মৃতিবোৰ ৰোমন্ঠন কৰি আৱেগিক হৈ পৰে ৷সভাত বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সমৰ চন্দ্ৰ দাস, অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক বিচিত্ৰ ৰাভা , বলভদ্ৰ বড়ো , বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক বৈকুন্ঠ বসুমতাৰী , বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু বিদ্যালয়খনৰ শিক্ষক -কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷

@@@@@

  • Related Posts

    • Current
    • June 19, 2025
    • 7 views
    • 0 minutes Read
    তামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।

    Telegram

    TelegramTweetতামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ তামুলপুৰ জিলা সমিতিৰ উদ্যোগত আজি তামুলপুৰ জিলা সদৰস্থ ঘগ্ৰাচ’কৰ লেহোবড়ো খেলপথাৰত দিনৰ বাৰ বজাৰ পৰা ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম…

    • Current
    • June 19, 2025
    • 6 views
    • 1 minute Read
    বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥

    Telegram

    TelegramTweet🔥বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥   আজিৰে পৰা বিজনীৰ ২নং শিলখাগুৰিত সংঘটিত হৈছে এটি ভয়ংকৰ অগ্নিকাণ্ড। শ্বাহজাহান আলী নামৰ এজন ব্যক্তিৰ দোকানত আকস্মিকভাৱে জুই লগি যায়। জুইৰ তীব্ৰতাত মুহূৰ্ততে জাহ যায়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *