পদ্ম আনন্দ বজাৰ অঞ্চলৰ সমাজকৰ্মী গিৰীন্দ্ৰ ৰাজবংশীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ

Telegram

পদ্ম আনন্দ বজাৰ অঞ্চলৰ সমাজকৰ্মী গিৰীন্দ্ৰ ৰাজবংশীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ

=================================

তামুলপুৰ ২২ জুন :

 

 

তামুলপুৰ জিলাৰ অন্তৰ্গত পদ্ম আনন্দ বজাৰ , নতুন বজাৰ আদি অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী শিৰিছঘুটু নিবাসী গিৰীন্দ্ৰ ৰাজবংশীৰ ৮৩ বছৰ বয়সত যোৱাকালি আবেলি পাচ বজাত গুৱাহাটী জিএনআৰচি হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে ৷ তেও কিছুদিন ধৰি বাৰ্ধক্যজনিত কাৰনত শাৰিৰীকভাৱে অসুস্থ হৈ আছিল ৷ তেখেতৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে ৷যোৱা নিশা তেখেতৰ মৃতদেহটো নিজ বাসগৃহ তামুলপুৰৰ শিৰিছঘুটুলৈ অনা হয় যদিও আজি পুৱা পাগলাদিয়া নদীৰ পাৰৰ স্মশানত অজস্ৰ গুনমুগ্ধ ,আত্মীয় কুটুম্ব , বিভিন্ন দল ,সংগঠন আৰু ব্যক্তিৰ উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷অন্তেষ্টিক্ৰিয়া অনুষ্ঠানত তামুলপুৰ জিলা বাথৌ মহাসভাৰ কান্তেশ্বৰ বৰগয়াৰী , সদৌ অসম কোচ-ৰাজবংশী সন্মিলনৰ প্ৰাক্তন সভাপতি কেশৱ চন্দ্ৰ ৰাজবংশী , সমাজকৰ্মী চন্দ্ৰকান্ত ৰাজবংশী ,জয়দেৱ ৰাজবংশী, প্ৰাক্তন ছাত্ৰ নেতা মহেন্দ্ৰ বৰ্মন ,আমচাৰ আলী উপস্থিত থাকে ৷ তেখেতে পদ্ম আনন্দ বজাৰ আৰু নতুন বজাৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ লগত জড়িত হৈ সমাজ সৱা আগবঢ়াইছিল ৷পদ্ম আনন্দ হাইস্কুলৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক , পদ্ম আনন্দ বজাৰ শ্ৰীশ্ৰী লক্ষ্মী পূজা পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক , পদ্ম আনন্দ বজাৰ পৰিচালনা সমিতি , পদ্ম আনন্দ বজাৰ ভঠেলী উৎসৱ উদযাপন সমিতি , পদ্ম আনন্দ বজাৰ শ্যামা পূজা পৰিচালনা সমিতি , নতুন বজাৰ দুৰ্গাপূজা পবিচালনা সমিতি , নতন বজাৰ পৰিচালনা সমিতি , নতুন বজাৰ শ্যামা পূজা পৰিচালনা সমিতি আদিৰ লগত জড়িত আছিল ৷ মৃত্যুৰ সময়ত পত্নীসহ সাতগৰাকী পুত্ৰ সন্তান আৰু তিনিগৰাকী কন্যা, ৱোৱাৰী , জোৱাইসহ নাতি-নাতিনী ইহসংসাৰত এৰি থৈ যায় ৷

@@@@@@

  • Related Posts

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    • Current
    • September 15, 2025
    • 5 views
    • 1 minute Read
    মৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

    Telegram

    TelegramTweetমৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ   ডিব্ৰুগড়, ১৫ ছেপ্টেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (CAA) তথা চমুকৈ কা আৰু গৃহ মন্ত্ৰালয়ে প্ৰণয়ন কৰা প্ৰৱজন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *